Psalm 112 112 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতিশয় আনন্দিত হয়। BSB BSB: Hallelujah! Blessed is the man who fears the LORD, who greatly delights in His commandments.
2 ULB তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব। BSB BSB: His descendants will be mighty in the land; the generation of the upright will be blessed.
3 ULB তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে। BSB BSB: Wealth and riches are in his house, and his righteousness endures forever.
4 ULB ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়; তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্ম্মিক। BSB BSB: Light dawns in the darkness for the upright—for the gracious, compassionate, and righteous.
5 ULB যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে। BSB BSB: It is well with the man who is generous and lends freely, whose affairs are guided by justice.
6 ULB কাৰণ ধার্মিক লোকত কেতিয়াও লৰচৰ নহ’ব; ধাৰ্ম্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব। BSB BSB: Surely he will never be shaken; the righteous man will be remembered forever.
7 ULB দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে। BSB BSB: He does not fear bad news; his heart is steadfast, trusting in the LORD.
8 ULB তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব। BSB BSB: His heart is assured; he does not fear, until he looks in triumph on his foes.
9 ULB তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়। BSB BSB: He has scattered abroad his gifts to the poor; his righteousness endures forever; his horn will be lifted high in honor.
10 ULB দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব। BSB BSB: The wicked man will see and be grieved; he will gnash his teeth and waste away; the desires of the wicked will perish.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 112
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 112, and keep Opened free for readers who can’t pay.