1 ULB যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে। BSB BSB: Give thanks to the LORD, for He is good; His loving devotion endures forever.
2 ULB ইস্ৰায়েলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” BSB BSB: Let Israel say, “His loving devotion endures forever.”
3 ULB হাৰোণৰ বংশই কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” BSB BSB: Let the house of Aaron say, “His loving devotion endures forever.”
4 ULB যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” BSB BSB: Let those who fear the LORD say, “His loving devotion endures forever.”
5 ULB মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে। BSB BSB: In my distress I called to the LORD, and He answered and set me free.
6 ULB যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে? BSB BSB: The LORD is on my side; I will not be afraid. What can man do to me?
7 ULB মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে; গতিকে মই মোৰ বিৰোধীসকলৰ পৰাজয় দেখা পাম। BSB BSB: The LORD is on my side; He is my helper. Therefore I will look in triumph on those who hate me.
8 ULB মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল। BSB BSB: It is better to take refuge in the LORD than to trust in man.
9 ULB অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল। BSB BSB: It is better to take refuge in the LORD than to trust in princes.
10 ULB সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। BSB BSB: All the nations surrounded me, but in the name of the LORD I cut them off.
11 ULB তেওঁলোকে মোক আগুৰি ধৰিলে, হয়, মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। BSB BSB: They surrounded me on every side, but in the name of the LORD I cut them off.
12 ULB তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে; কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। BSB BSB: They swarmed around me like bees, but they were extinguished like burning thorns; in the name of the LORD I cut them off.
13 ULB মই যেন পৰি যাও, তাৰবাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল, কিন্তু যিহোৱাই মোক সহায় কৰিলে। BSB BSB: I was pushed so hard I was falling, but the LORD helped me.
14 ULB যিহোৱা মোৰ বল আৰু প্রবল শক্তি; তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল। BSB BSB: The LORD is my strength and my song, and He has become my salvation.
15 ULB ধাৰ্ম্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল; “যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য্য কৰিলে।” BSB BSB: Shouts of joy and salvation resound in the tents of the righteous: “The right hand of the LORD performs with valor!
16 ULB যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল; যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য্য কৰিলে। BSB BSB: The right hand of the LORD is exalted! The right hand of the LORD performs with valor!”
17 ULB মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, আৰু যিহোৱাই কৰা কাৰ্য্যবোৰ ঘোষণা কৰিম। BSB BSB: I will not die, but I will live and proclaim what the LORD has done.
18 ULB যিহোৱাই মোক বৰকৈ শাস্তি দিলে; কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে। BSB BSB: The LORD disciplined me severely, but He has not given me over to death.
19 ULB মোলৈ ধাৰ্ম্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া, যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰো। BSB BSB: Open to me the gates of righteousness, that I may enter and give thanks to the LORD.
20 ULB এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্ম্মিকসকল সোমায়। BSB BSB: This is the gate of the LORD; the righteous shall enter through it.
21 ULB মই তোমাৰ ধন্যবাদ কৰো; কিয়নো তুমি মোক উত্তৰ দিলা; তুমি মোৰ পৰিত্ৰাণ হ’লা। BSB BSB: I will give You thanks, for You have answered me, and You have become my salvation.
22 ULB ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল। BSB BSB: The stone the builders rejected has become the cornerstone.
23 ULB এইয়া যিহোৱাৰেই কার্য, আমাৰ দৃষ্টিত অতি আচৰিত লাগে। BSB BSB: This is from the LORD, and it is marvelous in our eyes.
24 ULB এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে; আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ। BSB BSB: This is the day that the LORD has made; we will rejoice and be glad in it.
25 ULB হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা! হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা!শুভ কৰা। BSB BSB: O LORD, save us, we pray. We beseech You, O LORD, cause us to prosper!
26 ULB ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে; আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ। BSB BSB: Blessed is he who comes in the name of the LORD. From the house of the LORD we bless you.
27 ULB যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা। BSB BSB: The LORD is God; He has made His light to shine upon us. Bind the festal sacrifice with cords to the horns of the altar.
28 ULB তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম; তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম। BSB BSB: You are my God, and I will give You thanks. You are my God, and I will exalt You.
29 ULB তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে। BSB BSB: Give thanks to the LORD, for He is good; His loving devotion endures forever.
Select verses for actions: Enter goes to them and Escape comes back.