1 ULB ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ; যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে। BSB BSB: Blessed are those whose way is blameless, who walk in the Law of the LORD.
2 ULB ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে; যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে। BSB BSB: Blessed are those who keep His testimonies and seek Him with all their heart.
3 ULB তেওঁলোকে অন্যায় নকৰে, যিহোৱাৰ পথত চলে। BSB BSB: They do no iniquity; they walk in His ways.
4 ULB তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা। BSB BSB: You have ordained Your precepts, that we should keep them diligently.
5 ULB ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক; মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰো! BSB BSB: Oh, that my ways were committed to keeping Your statutes!
6 ULB যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম, তেতিয়া মই লজ্জিত নহ’ম। BSB BSB: Then I would not be ashamed when I consider all Your commandments.
7 ULB তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ, তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম। BSB BSB: I will praise You with an upright heart when I learn Your righteous judgments.
8 ULB মই তোমাৰ বিধিবোৰ পালন কৰিম; মোক নিচেইকৈ পৰিত্যাগ নকৰিবা। BSB BSB: I will keep Your statutes; do not utterly forsake me.
9 ULB যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে? তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে। BSB BSB: How can a young man keep his way pure? By guarding it according to Your word.
10 ULB মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ; তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা। BSB BSB: With all my heart I have sought You; do not let me stray from Your commandments.
11 ULB তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো, যেন তোমাৰ অহিতে পাপ নকৰোঁ। BSB BSB: I have hidden Your word in my heart that I might not sin against You.
12 ULB ধন্য তুমি, হে যিহোৱা; মোক তোমাৰ বিধিবোৰ শিকোৱা। BSB BSB: Blessed are You, O LORD; teach me Your statutes.
13 ULB তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী, মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ; BSB BSB: With my lips I proclaim all the judgments of Your mouth.
14 ULB ধন-সম্পদত লোকে যিমান আনন্দ পায়, তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ। BSB BSB: I rejoice in the way of Your testimonies as much as in all riches.
15 ULB মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ সকলো পথলৈ মনোযোগ দিম। BSB BSB: I will meditate on Your precepts and regard Your ways.
16 ULB মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম; মই তোমাৰ বাক্য নাপাহৰিম। BSB BSB: I will delight in Your statutes; I will not forget Your word.
17 ULB তোমাৰ দাসলৈ প্রচুৰ মঙ্গল কৰা যাতে মই জীয়াই থাকো, আৰু তোমাৰ বাক্য পালন কৰিব পাৰো। BSB BSB: Deal bountifully with Your servant, that I may live and keep Your word.
18 ULB মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ। BSB BSB: Open my eyes that I may see wondrous things from Your law.
19 ULB মই পৃথিৱীত প্ৰবাসী মাথোন, তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা। BSB BSB: I am a stranger on the earth; do not hide Your commandments from me.
20 ULB সকলো সময়তে তোমাৰ শাসন-প্রণালীবোৰ জানিবলৈ, মোৰ প্রাণ আকাঙ্ক্ষাত ভগ্ন হৈছে। BSB BSB: My soul is consumed with longing for Your judgments at all times.
21 ULB তুমি অহঙ্কাৰীসকলক ধমক দিছা; তেওঁলোকতো শাপগ্রস্ত, তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে। BSB BSB: You rebuke the arrogant—the cursed who stray from Your commandments.
22 ULB তেওঁলোকৰ অপমান আৰু নিন্দা মোৰ পৰা দূৰ কৰা; কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছোঁ। BSB BSB: Remove my scorn and contempt, for I have kept Your testimonies.
23 ULB যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়, তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব। BSB BSB: Though rulers sit and slander me, Your servant meditates on Your statutes.
24 ULB তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয়, সেইবোৰে মোক পৰামর্শ দিয়ে। BSB BSB: Your testimonies are indeed my delight; they are my counselors.
25 ULB মোৰ প্রাণ ধুলিত সংলগ্ন; তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা। BSB BSB: My soul cleaves to the dust; revive me according to Your word.
26 ULB মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালোঁ, আৰু তুমি মোক উত্তৰ দিলা। মোক তোমাৰ বিধিবোৰ শিকোঁৱা। BSB BSB: I recounted my ways, and You answered me; teach me Your statutes.
27 ULB তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া; তাতে মই তোমাৰ আচৰিত কাৰ্য্যবোৰ ধ্যান কৰিম। BSB BSB: Make clear to me the way of Your precepts; then I will meditate on Your wonders.
28 ULB দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে; তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা। BSB BSB: My soul melts with sorrow; strengthen me according to Your word.
29 ULB মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা; দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা। BSB BSB: Remove me from the path of deceit and graciously grant me Your law.
30 ULB মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ; মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ। BSB BSB: I have chosen the way of truth; I have set Your ordinances before me.
31 ULB হে যিহোৱা, মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ; তুমি মোক লজ্জিত হ’বলৈ নিদিবা। BSB BSB: I cling to Your testimonies, O LORD; let me not be put to shame.
32 ULB তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম, কাৰণ তুমি মোৰ হৃদয় মেলি দিলা। BSB BSB: I run in the path of Your commandments, for You will enlarge my heart.
33 ULB হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথ সম্বন্ধে মোক শিকোৱা; তাতে মই শেষলৈকে তাক পালন কৰিম। BSB BSB: Teach me, O LORD, the way of Your statutes, and I will keep them to the end.
34 ULB তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰো, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰো। BSB BSB: Give me understanding that I may obey Your law, and follow it with all my heart.
35 ULB তোমাৰ আজ্ঞা- পথত মোক চলোৱা; কিয়নো তাতেই মই সন্তোষ পাওঁ। BSB BSB: Direct me in the path of Your commandments, for there I find delight.
36 ULB তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা, স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা। BSB BSB: Turn my heart to Your testimonies and not to covetous gain.
37 ULB অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুণৰ সঞ্জীৱিত কৰা। BSB BSB: Turn my eyes away from worthless things; revive me with Your word.
38 ULB তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা; যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা। BSB BSB: Establish Your word to Your servant, to produce reverence for You.
39 ULB মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰো; কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়। BSB BSB: Turn away the disgrace I dread, for Your judgments are good.
40 ULB চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাঙ্ক্ষা কৰি আছো; তোমাৰ ধাৰ্ম্মিকতাৰে মোক সঞ্জীৱিত কৰা। BSB BSB: How I long for Your precepts! Revive me in Your righteousness.
41 ULB হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া; তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা। BSB BSB: May Your loving devotion come to me, O LORD, Your salvation, according to Your promise.
42 ULB তেতিয়া মই মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম; কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ। BSB BSB: Then I can answer him who taunts, for I trust in Your word.
43 ULB তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা; কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে। BSB BSB: Never take Your word of truth from my mouth, for I hope in Your judgments.
44 ULB যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম। BSB BSB: I will always obey Your law, forever and ever.
45 ULB মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলো। BSB BSB: And I will walk in freedom, for I have sought Your precepts.
46 ULB তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম। BSB BSB: I will speak of Your testimonies before kings, and I will not be ashamed.
47 ULB তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ। BSB BSB: I delight in Your commandments because I love them.
48 ULB তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰো, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম। BSB BSB: I lift up my hands to Your commandments, which I love, and I meditate on Your statutes.
49 ULB তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা। BSB BSB: Remember Your word to Your servant, upon which You have given me hope.
50 ULB দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে। BSB BSB: This is my comfort in affliction, that Your promise has given me life.
51 ULB অহঙ্কাৰীসকলে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই। BSB BSB: The arrogant utterly deride me, but I do not turn from Your law.
52 ULB হে যিহোৱা, মই তোমাৰ পূৰ্ব্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰো, আৰু মই নিজে শান্ত্বনা লভো। BSB BSB: I remember Your judgments of old, O LORD, and in them I find comfort.
53 ULB দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত উঠে, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে। BSB BSB: Rage has taken hold of me because of the wicked who reject Your law.
54 ULB মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে। BSB BSB: Your statutes are songs to me in the house of my pilgrimage.
55 ULB হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ, আৰু তোমাৰ ব্যৱস্থা মানি চলো। BSB BSB: In the night, O LORD, I remember Your name, that I may keep Your law.
56 ULB এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলো। BSB BSB: This is my practice, for I obey Your precepts.
57 ULB যিহোৱা মোৰ অধিকাৰৰ অংশ; মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ। BSB BSB: The LORD is my portion; I have promised to keep Your words.
58 ULB মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্রহ বিচাৰিছো; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা। BSB BSB: I have sought Your face with all my heart; be gracious to me according to Your promise.
59 ULB মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলো, আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ। BSB BSB: I considered my ways and turned my steps to Your testimonies.
60 ULB মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলো, পলম নকৰিলো। BSB BSB: I hurried without hesitating to keep Your commandments.
61 ULB যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছো, তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ। BSB BSB: Though the ropes of the wicked bind me, I do not forget Your law.
62 ULB তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো। BSB BSB: At midnight I rise to give You thanks for Your righteous judgments.
63 ULB যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী। BSB BSB: I am a friend to all who fear You, and to those who keep Your precepts.
64 ULB হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ; মোক তোমাৰ বিধিবোৰ শিকোৱা। BSB BSB: The earth is filled with Your loving devotion, O LORD; teach me Your statutes.
65 ULB তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা; হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা। BSB BSB: You are good to Your servant, O LORD, according to Your word.
66 ULB তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ। BSB BSB: Teach me good judgment and knowledge, for I believe in Your commandments.
67 ULB কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ। BSB BSB: Before I was afflicted, I went astray; but now I keep Your word.
68 ULB তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা। BSB BSB: You are good, and You do what is good; teach me Your statutes.
69 ULB অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ। BSB BSB: Though the arrogant have smeared me with lies, I keep Your precepts with all my heart.
70 ULB তেওঁলোকৰ অন্তঃকৰণ চর্বিৰ দৰে মোটা; কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ। BSB BSB: Their hearts are callous and insensitive, but I delight in Your law.
71 ULB মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছো। BSB BSB: It was good for me to be afflicted, that I might learn Your statutes.
72 ULB তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য। BSB BSB: The law from Your mouth is more precious to me than thousands of pieces of gold and silver.
73 ULB তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা। BSB BSB: Your hands have made me and fashioned me; give me understanding to learn Your commandments.
74 ULB তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব; কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ। BSB BSB: May those who fear You see me and rejoice, for I have hoped in Your word.
75 ULB হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা। BSB BSB: I know, O LORD, that Your judgments are righteous, and that in faithfulness You have afflicted me.
76 ULB তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক। BSB BSB: May Your loving devotion comfort me, I pray, according to Your promise to Your servant.
77 ULB মোলৈ তোমাৰ কৃপা নামি আহঁক, যাতে মই জীয়াই থাকিব পাৰো; কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে। BSB BSB: May Your compassion come to me, that I may live, for Your law is my delight.
78 ULB অহঙ্কাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে; কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম; BSB BSB: May the arrogant be put to shame for subverting me with a lie; I will meditate on Your precepts.
79 ULB যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক, যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব। BSB BSB: May those who fear You turn to me, those who know Your testimonies.
80 ULB মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম। BSB BSB: May my heart be blameless in Your statutes, that I may not be put to shame.
81 ULB তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ। BSB BSB: My soul faints for Your salvation; I wait for Your word.
82 ULB তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?” BSB BSB: My eyes fail, looking for Your promise; I ask, “When will You comfort me?”
83 ULB কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লোঁ; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই। BSB BSB: Though I am like a wineskin dried up by smoke, I do not forget Your statutes.
84 ULB তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব? মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা? BSB BSB: How many days must Your servant wait? When will You execute judgment on my persecutors?
85 ULB অহঙ্কাৰীসকলে মোৰ বাবে গর্ত খান্দিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়। BSB BSB: The arrogant have dug pits for me in violation of Your law.
86 ULB তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য; লোকসকলে অকাৰণতে মোক তাড়না কৰে; তুমি মোক সহায় কৰা। BSB BSB: All Your commandments are faithful; I am persecuted without cause—help me!
87 ULB তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই। BSB BSB: They almost wiped me from the earth, but I have not forsaken Your precepts.
88 ULB তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম। BSB BSB: Revive me according to Your loving devotion, that I may obey the testimony of Your mouth.
89 ULB যিহোৱা অনন্ত কাললৈকে বিদ্যমান; তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে। BSB BSB: Your word, O LORD, is everlasting; it is firmly fixed in the heavens.
90 ULB পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱীক স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে। BSB BSB: Your faithfulness continues through all generations; You established the earth, and it endures.
91 ULB তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস। BSB BSB: Your ordinances stand to this day, for all things are servants to You.
92 ULB তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লোহেতেন। BSB BSB: If Your law had not been my delight, then I would have perished in my affliction.
93 ULB মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা। BSB BSB: I will never forget Your precepts, for by them You have revived me.
94 ULB মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলো। BSB BSB: I am Yours; save me, for I have sought Your precepts.
95 ULB দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্ত মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ। BSB BSB: The wicked wait to destroy me, but I will ponder Your testimonies.
96 ULB মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম। BSB BSB: I have seen a limit to all perfection, but Your commandment is without limit.
97 ULB ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ! সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়। BSB BSB: Oh, how I love Your law! All day long it is my meditation.
98 ULB তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে। BSB BSB: Your commandments make me wiser than my enemies, for they are always with me.
99 ULB মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞা-বোৰ মোৰ ধ্যানৰ বিষয়। BSB BSB: I have more insight than all my teachers, for Your testimonies are my meditation.
100 ULB মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ। BSB BSB: I discern more than the elders, for I obey Your precepts.
101 ULB মই সকলো কু-পথৰ পৰা মোৰ ভৰি আতঁৰাই ৰাখিলো, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰো। BSB BSB: I have kept my feet from every evil path, that I may keep Your word.
102 ULB মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই; কিয়নো তুমি নিজেই মোক শিক্ষা দিলা। BSB BSB: I have not departed from Your ordinances, for You Yourself have taught me.
103 ULB তোমাৰ বাক্যবোৰ মোৰ জিবাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে। BSB BSB: How sweet are Your words to my taste—sweeter than honey in my mouth!
104 ULB তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰো; সেইবাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ। BSB BSB: I gain understanding from Your precepts; therefore I hate every false way.
105 ULB তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ-স্বৰূপ আৰু মোৰ পথৰ দীপ্তিস্বৰূপ। BSB BSB: Your word is a lamp to my feet and a light to my path.
106 ULB তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ। BSB BSB: I have sworn and confirmed that I will keep Your righteous judgments.
107 ULB হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ; তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা। BSB BSB: I am severely afflicted, O LORD; revive me through Your word.
108 ULB হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা, আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা। BSB BSB: Accept the freewill offerings of my mouth, O LORD, and teach me Your judgments.
109 ULB মইমোৰ প্ৰাণ সদায় আঁচলত বান্ধি লৈ ফুৰিছোঁ; তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই। BSB BSB: I constantly take my life in my hands, yet I do not forget Your law.
110 ULB দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই। BSB BSB: The wicked have set a snare for me, but I have not strayed from Your precepts.
111 ULB তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক। BSB BSB: Your testimonies are my heritage forever, for they are the joy of my heart.
112 ULB চিৰকাললৈকে শেষ পর্যন্ত তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ। BSB BSB: I have inclined my heart to perform Your statutes, even to the very end.
113 ULB দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ। BSB BSB: The double-minded I despise, but Your law I love.
114 ULB তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ। BSB BSB: You are my hiding place and my shield; I put my hope in Your word.
115 ULB হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম। BSB BSB: Depart from me, you evildoers, that I may obey the commandments of my God.
116 ULB তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা। BSB BSB: Sustain me as You promised, that I may live; let me not be ashamed of my hope.
117 ULB মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম। BSB BSB: Uphold me, and I will be saved, that I may always regard Your statutes.
118 ULB তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ। BSB BSB: You reject all who stray from Your statutes, for their deceitfulness is in vain.
119 ULB পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ। BSB BSB: All the wicked on earth You discard like dross; therefore I love Your testimonies.
120 ULB তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ। BSB BSB: My flesh trembles in awe of You; I stand in fear of Your judgments.
121 ULB মই ন্যায়বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীসকলৰ হাতত এৰি নিদিবা। BSB BSB: I have done what is just and right; do not leave me to my oppressors.
122 ULB তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা; অহঙ্কাৰীসকলক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা। BSB BSB: Ensure Your servant’s well-being; do not let the arrogant oppress me.
123 ULB তোমাৰ ধার্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে। BSB BSB: My eyes fail, looking for Your salvation, and for Your righteous promise.
124 ULB তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা; তোমাৰ বিধিবোৰ মোক শিকোঁৱা। BSB BSB: Deal with Your servant according to Your loving devotion, and teach me Your statutes.
125 ULB মই তোমাৰ দাস; মোক বোধশক্তি দিয়া, যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰো। BSB BSB: I am Your servant; give me understanding, that I may know Your testimonies.
126 ULB হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে। BSB BSB: It is time for the LORD to act, for they have broken Your law.
127 ULB মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ। BSB BSB: Therefore I love Your commandments more than gold, even the purest gold.
128 ULB এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ। BSB BSB: Therefore I admire all Your precepts and hate every false way.
129 ULB তোমাৰ আজ্ঞাবোৰ আচৰিত; সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে। BSB BSB: Wonderful are Your testimonies; therefore I obey them.
130 ULB তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে; সৰলমনা লোকক বুজন শক্তি দান কৰে। BSB BSB: The unfolding of Your words gives light; it informs the simple.
131 ULB মই মুখ মেলি ফোপাইছিলো; কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ। BSB BSB: I open my mouth and pant, longing for Your commandments.
132 ULB তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা। BSB BSB: Turn to me and show me mercy, as You do to those who love Your name.
133 ULB তোমাৰ প্রতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্ম্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা। BSB BSB: Order my steps in Your word; let no sin rule over me.
134 ULB মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা, তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম। BSB BSB: Redeem me from the oppression of man, that I may keep Your precepts.
135 ULB তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ বিধিবোৰ মোক শিকোৱা। BSB BSB: Make Your face shine upon Your servant, and teach me Your statutes.
136 ULB মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে; কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে। BSB BSB: My eyes shed streams of tears because Your law is not obeyed.
137 ULB হে যিহোৱা, তুমি ধাৰ্ম্মিক, আৰু তোমাৰ ন্যায়বিচাৰ যথাৰ্থ। BSB BSB: Righteous are You, O LORD, and upright are Your judgments.
138 ULB তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্ম্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা। BSB BSB: The testimonies You have laid down are righteous and altogether faithful.
139 ULB তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে; কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে। BSB BSB: My zeal has consumed me because my foes forget Your words.
140 ULB তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে; সেয়ে তোমাৰ দাসে তাক ভাল পায়। BSB BSB: Your promise is completely pure; therefore Your servant loves it.
141 ULB যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই। BSB BSB: I am lowly and despised, but I do not forget Your precepts.
142 ULB তোমাৰ ধাৰ্ম্মিকতা চিৰস্থায়ী ধাৰ্ম্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য। BSB BSB: Your righteousness is everlasting and Your law is true.
143 ULB সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ। BSB BSB: Trouble and distress have found me, but Your commandments are my delight.
144 ULB তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধার্মিক; মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম। BSB BSB: Your testimonies are righteous forever. Give me understanding, that I may live.
145 ULB মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া; মই তোমাৰ বিধিবোৰ পালন কৰিম। BSB BSB: I call with all my heart; answer me, O LORD! I will obey Your statutes.
146 ULB মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা; মই তোমাৰ সকলো আজ্ঞা মানি চলিম। BSB BSB: I call to You; save me, that I may keep Your testimonies.
147 ULB মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলো; তোমাৰ বাক্যবোৰত আশা কৰিলোঁ। BSB BSB: I rise before dawn and cry for help; in Your word I have put my hope.
148 ULB ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়, যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰো। BSB BSB: My eyes anticipate the watches of night, that I may meditate on Your word.
149 ULB তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা; হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা। BSB BSB: Hear my voice, O LORD, according to Your loving devotion; give me life according to Your justice.
150 ULB কু-কার্য কৰি মোক তাড়না কৰাসকল ওচৰ চাপি আহিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে। BSB BSB: Those who follow after wickedness draw near; they are far from Your law.
151 ULB কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য; BSB BSB: You are near, O LORD, and all Your commandments are true.
152 ULB বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছো যে, তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা। BSB BSB: Long ago I learned from Your testimonies that You have established them forever.
153 ULB তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা; কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো। BSB BSB: Look upon my affliction and rescue me, for I have not forgotten Your law.
154 ULB মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা; তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা; BSB BSB: Defend my cause and redeem me; revive me according to Your word.
155 ULB দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে; কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে। BSB BSB: Salvation is far from the wicked because they do not seek Your statutes.
156 ULB হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি; তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা। BSB BSB: Great are Your mercies, O LORD; revive me according to Your ordinances.
157 ULB মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আতৰি যোৱা নাই। BSB BSB: Though my persecutors and foes are many, I have not turned from Your testimonies.
158 ULB মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে। BSB BSB: I look on the faithless with loathing because they do not keep Your word.
159 ULB চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা। BSB BSB: Consider how I love Your precepts, O LORD; give me life according to Your loving devotion.
160 ULB তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী। BSB BSB: The entirety of Your word is truth, and all Your righteous judgments endure forever.
161 ULB অধিকাৰী সকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে। BSB BSB: Rulers persecute me without cause, but my heart fears only Your word.
162 ULB মই তোমাৰ বাক্যত আনন্দ কৰো, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে। BSB BSB: I rejoice in Your promise like one who finds great spoil.
163 ULB মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ। BSB BSB: I hate and abhor falsehood, but Your law I love.
164 ULB তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ। BSB BSB: Seven times a day I praise You for Your righteous judgments.
165 ULB যি সকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়। BSB BSB: Abundant peace belongs to those who love Your law; nothing can make them stumble.
166 ULB হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছো; মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ। BSB BSB: I wait for Your salvation, O LORD, and I carry out Your commandments.
167 ULB মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে; মই সেইবোৰক অতিশয় প্ৰেম কৰোঁ। BSB BSB: I obey Your testimonies and love them greatly.
168 ULB মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ; কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে। BSB BSB: I obey Your precepts and Your testimonies, for all my ways are before You.
169 ULB হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা। BSB BSB: May my cry come before You, O LORD; give me understanding according to Your word.
170 ULB মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা। BSB BSB: May my plea come before You; rescue me according to Your promise.
171 ULB মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক; কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা। BSB BSB: My lips pour forth praise, for You teach me Your statutes.
172 ULB মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ। BSB BSB: My tongue sings of Your word, for all Your commandments are righteous.
173 ULB তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ। BSB BSB: May Your hand be ready to help me, for I have chosen Your precepts.
174 ULB হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাঙ্ক্ষা কৰিছো; তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয় BSB BSB: I long for Your salvation, O LORD, and Your law is my delight.
175 ULB মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰো; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক। BSB BSB: Let me live to praise You; may Your judgments sustain me.
176 ULB হেৰোৱা ভেড়াৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই। BSB BSB: I have strayed like a lost sheep; seek Your servant, for I have not forgotten Your commandments.
Select verses for actions: Enter goes to them and Escape comes back.