Psalm 120 120 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে। BSB BSB: A song of ascents. In my distress I cried to the LORD, and He answered me.
2 ULB “হে যিহোৱা, মিছলীয়া ওঁঠ আৰু ছলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা।” BSB BSB: Deliver my soul, O LORD, from lying lips and a deceitful tongue.
3 ULB হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব? BSB BSB: What will He do to you, and what will be added to you, O deceitful tongue?
4 ULB তেওঁ তোমাক বীৰৰ তীক্ষ্ন কাঁড়সমূহ আৰু ৰোতম গছৰ জ্বলা আঙঠাসমূহ দিব। BSB BSB: Sharp arrows will come from the warrior, with burning coals of the broom tree!
5 ULB হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ; কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ। BSB BSB: Woe to me that I dwell in Meshech, that I live among the tents of Kedar!
6 ULB যি সকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছো। BSB BSB: Too long have I dwelt among those who hate peace.
7 ULB মই শান্তি ভাল পাওঁ; কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে। BSB BSB: I am in favor of peace; but when I speak, they want war.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 120
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 120, and keep Opened free for readers who can’t pay.