1 ULB হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম। BSB BSB: A Psalm of praise. Of David. I will exalt You, my God and King; I will bless Your name forever and ever.
2 ULB মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম। BSB BSB: Every day I will bless You, and I will praise Your name forever and ever.
3 ULB যিহোৱা মহান, আৰু অতিশয় প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য। BSB BSB: Great is the LORD and greatly to be praised; His greatness is unsearchable.
4 ULB এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্য্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্য্যবোৰ প্ৰকাশ কৰিব। BSB BSB: One generation will commend Your works to the next, and will proclaim Your mighty acts—
5 ULB মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ আৰু তোমাৰ আচৰিত কাৰ্য্যবোৰৰ বিষয়ে ধ্যান কৰিম। BSB BSB: the glorious splendor of Your majesty. And I will meditate on Your wondrous works.
6 ULB লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্য্যবোৰৰ কথা ক’ব; আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম। BSB BSB: They will proclaim the power of Your awesome deeds, and I will declare Your greatness.
7 ULB তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্ম্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব। BSB BSB: They will extol the fame of Your abundant goodness and sing joyfully of Your righteousness.
8 ULB যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান। BSB BSB: The LORD is gracious and compassionate, slow to anger and abounding in loving devotion.
9 ULB যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে। BSB BSB: The LORD is good to all; His compassion rests on all He has made.
10 ULB হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব। BSB BSB: All You have made will give You thanks, O LORD, and Your saints will bless You.
11 ULB তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্য্যবোৰৰ বিষয়ে ক’ব, BSB BSB: They will tell of the glory of Your kingdom and speak of Your might,
12 ULB যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে। BSB BSB: to make known to men Your mighty acts and the glorious splendor of Your kingdom.
13 ULB তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী। BSB BSB: Your kingdom is an everlasting kingdom, and Your dominion endures through all generations. The LORD is faithful in all His words and kind in all His actions.
14 ULB যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে। BSB BSB: The LORD upholds all who fall and lifts up all who are bowed down.
15 ULB সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া; BSB BSB: The eyes of all look to You, and You give them their food in season.
16 ULB তুমি সকলো জীৱকুলৰ বাঞ্ছা হাত মেলি পূৰ্ণ কৰি থাকা। BSB BSB: You open Your hand and satisfy the desire of every living thing.
17 ULB যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্ম্মিক আৰু সমুদায় কাৰ্য্যতে দয়াৱান। BSB BSB: The LORD is righteous in all His ways and kind in all His deeds.
18 ULB যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ। BSB BSB: The LORD is near to all who call on Him, to all who call out to Him in truth.
19 ULB যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে। BSB BSB: He fulfills the desires of those who fear Him; He hears their cry and saves them.
20 ULB যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব। BSB BSB: The LORD preserves all who love Him, but all the wicked He will destroy.
21 ULB মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব। BSB BSB: My mouth will declare the praise of the LORD; let every creature bless His holy name forever and ever.
Select verses for actions: Enter goes to them and Escape comes back.