Psalm 149 149 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা, BSB BSB: Hallelujah! Sing to the LORD a new song—His praise in the assembly of the godly.
2 ULB ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তানসকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক। BSB BSB: Let Israel rejoice in their Maker; let the children of Zion rejoice in their King.
3 ULB তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক। BSB BSB: Let them praise His name with dancing, and make music to Him with tambourine and harp.
4 ULB কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে। BSB BSB: For the LORD takes pleasure in His people; He adorns the afflicted with salvation.
5 ULB ভক্তসকলে গৌৰৱতে উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক। BSB BSB: Let the saints exult in glory; let them shout for joy upon their beds.
6 ULB তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক; BSB BSB: May the high praises of God be in their mouths, and a double-edged sword in their hands,
7 ULB যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে, আৰু লোক সমুহক শাস্তি দিব পাৰে; BSB BSB: to inflict vengeance on the nations and punishment on the peoples,
8 ULB যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে, তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে; BSB BSB: to bind their kings with chains and their nobles with shackles of iron,
9 ULB যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: to execute the judgment written against them. This honor is for all His saints. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 149
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 149, and keep Opened free for readers who can’t pay.