1 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চস্থানত তেওঁৰ প্ৰশংসা কৰা। BSB BSB: Hallelujah! Praise the LORD from the heavens; praise Him in the highest places.
2 ULB হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা! BSB BSB: Praise Him, all His angels; praise Him, all His heavenly hosts.
3 ULB হে সূৰ্য্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা! BSB BSB: Praise Him, O sun and moon; praise Him, all you shining stars.
4 ULB হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জলসমূহ, তেওঁৰ প্রশংসা কৰা! BSB BSB: Praise Him, O highest heavens, and you waters above the skies.
5 ULB সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল। BSB BSB: Let them praise the name of the LORD, for He gave the command and they were created.
6 ULB তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব। BSB BSB: He established them forever and ever; He issued a decree that will never pass away.
7 ULB হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা! BSB BSB: Praise the LORD from the earth, all great sea creatures and ocean depths,
8 ULB হে বিজুলী আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুৱঁলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা! BSB BSB: lightning and hail, snow and clouds, powerful wind fulfilling His word,
9 ULB হে সকলো পর্বত আৰু পাহাৰবোৰ, আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা! BSB BSB: mountains and all hills, fruit trees and all cedars,
10 ULB হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা! BSB BSB: wild animals and all cattle, crawling creatures and flying birds,
11 ULB হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা! BSB BSB: kings of the earth and all peoples, princes and all rulers of the earth,
12 ULB হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা! BSB BSB: young men and maidens, old and young together.
13 ULB এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত। BSB BSB: Let them praise the name of the LORD, for His name alone is exalted; His splendor is above the earth and the heavens.
14 ULB তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে; সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা, সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: He has raised up a horn for His people, the praise of all His saints, of Israel, a people near to Him. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.