1 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত। BSB BSB: Hallelujah! How good it is to sing praises to our God, how pleasant and lovely to praise Him!
2 ULB যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মান কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে। BSB BSB: The LORD builds up Jerusalem; He gathers the exiles of Israel.
3 ULB তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে। BSB BSB: He heals the brokenhearted and binds up their wounds.
4 ULB তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে। BSB BSB: He determines the number of the stars; He calls them each by name.
5 ULB আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্রম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই। BSB BSB: Great is our Lord, and mighty in power; His understanding has no limit.
6 ULB যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে। BSB BSB: The LORD sustains the humble, but casts the wicked to the ground.
7 ULB তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা। BSB BSB: Sing to the LORD with thanksgiving; make music on the harp to our God,
8 ULB যি জনাই আশাক-মণ্ডলক মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়, BSB BSB: who covers the sky with clouds, who prepares rain for the earth, who makes grass to grow on the hills.
9 ULB পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালীবোৰে মাতিলে তেওঁ আহাৰ দিয়ে। BSB BSB: He provides food for the animals, and for the young ravens when they call.
10 ULB ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ (যোদ্ধাৰ) ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়; BSB BSB: He does not delight in the strength of the horse; He takes no pleasure in the legs of a man.
11 ULB কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়। BSB BSB: The LORD is pleased with those who fear Him, who hope in His loving devotion.
12 ULB হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা। BSB BSB: Exalt the LORD, O Jerusalem; praise your God, O Zion!
13 ULB কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তানসকলক আশীৰ্ব্বাদ দিলে। BSB BSB: For He strengthens the bars of your gates and blesses the children within you.
14 ULB তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে। BSB BSB: He makes peace at your borders; He fills you with the finest wheat.
15 ULB তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়। BSB BSB: He sends forth His command to the earth; His word runs swiftly.
16 ULB তেওঁ ভেড়াৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে দৰে নিয়ৰ সিঁচি দিয়ে। BSB BSB: He spreads the snow like wool; He scatters the frost like ashes;
17 ULB তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে? BSB BSB: He casts forth His hail like pebbles. Who can withstand His icy blast?
18 ULB তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়। BSB BSB: He sends forth His word and melts them; He unleashes His winds, and the waters flow.
19 ULB তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে। BSB BSB: He declares His word to Jacob, His statutes and judgments to Israel.
20 ULB অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: He has done this for no other nation; they do not know His judgments. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.