2 ULB দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে; ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে। BSB BSB: Day after day they pour forth speech; night after night they reveal knowledge.
3 ULB কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই; তাৰ শব্দও শুনা নাযায়। BSB BSB: Without speech or language, without a sound to be heard,
4 ULB তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়; সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়; আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে। BSB BSB: their voice has gone out into all the earth, their words to the ends of the world. In the heavens He has pitched a tent for the sun.
5 ULB সূৰ্য্যই দৰাৰ দৰে নিজৰ শোৱনি কোঠাৰ পৰা ওলাই আহে; নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে। BSB BSB: Like a bridegroom emerging from his chamber, like a champion rejoicing to run his course,
6 ULB সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ; তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে BSB BSB: it rises at one end of the heavens and runs its circuit to the other; nothing is deprived of its warmth.
7 ULB যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে। BSB BSB: The Law of the LORD is perfect, reviving the soul; the testimony of the LORD is trustworthy, making wise the simple.
8 ULB যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে। BSB BSB: The precepts of the LORD are right, bringing joy to the heart; the commandments of the LORD are radiant, giving light to the eyes.
9 ULB যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধার্মিক। BSB BSB: The fear of the LORD is pure, enduring forever; the judgments of the LORD are true, being altogether righteous.
10 ULB সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ। BSB BSB: They are more precious than gold, than much pure gold; they are sweeter than honey, than honey from the comb.
11 ULB তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে; সেইবোৰ পালন কৰিলে পৰম লাভ হয়। BSB BSB: By them indeed Your servant is warned; in keeping them is great reward.
12 ULB কোনে নিজৰ ভুলবোৰ গমিব পাৰে? মোক গুপুত পাপৰ পৰা শুচি কৰা। BSB BSB: Who can discern his own errors? Cleanse me from my hidden faults.
13 ULB গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা; সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে; তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম। BSB BSB: Keep Your servant also from willful sins; may they not rule over me. Then I will be blameless and cleansed of great transgression.
14 ULB হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক। BSB BSB: May the words of my mouth and the meditation of my heart be pleasing in Your sight, O LORD, my Rock and my Redeemer.
Select verses for actions: Enter goes to them and Escape comes back.