Psalm 24 24 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB পৃথিবী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই। BSB BSB: A Psalm of David. The earth is the LORD’s, and the fullness thereof, the world and all who dwell therein.
2 ULB কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে। BSB BSB: For He has founded it upon the seas and established it upon the waters.
3 ULB যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হব পাৰে? BSB BSB: Who may ascend the hill of the LORD? Who may stand in His holy place?
4 ULB কেৱল তেঁৱেই পাৰে, যাৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়। BSB BSB: He who has clean hands and a pure heart, who does not lift up his soul to an idol or swear deceitfully.
5 ULB তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব; তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্ম্মিকতা পাব। BSB BSB: He will receive blessing from the LORD and vindication from the God of his salvation.
6 ULB এই লোকসকলেই যিহোৱাক বিচাৰে, যাকোবৰ (ইস্রায়েলৰ) ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে; তেওঁলোকেই যাকোবৰ বংশ। (চেলা) BSB BSB: Such is the generation of those who seek Him, who seek Your face, O God of Jacob. Selah
7 ULB হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা! হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে। BSB BSB: Lift up your heads, O gates! Be lifted up, O ancient doors, that the King of Glory may enter!
8 ULB সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান। BSB BSB: Who is this King of Glory? The LORD strong and mighty, the LORD mighty in battle.
9 ULB হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা! হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে। BSB BSB: Lift up your heads, O gates! Be lifted up, O ancient doors, that the King of Glory may enter!
10 ULB সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ যিহোৱা, তেওঁ গৌৰৱৰ ৰজা। (চেলা) BSB BSB: Who is He, this King of Glory? The LORD of Hosts—He is the King of Glory. Selah
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 24
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 24, and keep Opened free for readers who can’t pay.