1 ULB হে ধাৰ্ম্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা, তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম। BSB BSB: Rejoice in the LORD, O righteous ones; it is fitting for the upright to praise Him.
2 ULB বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা। BSB BSB: Praise the LORD with the harp; make music to Him with ten strings.
3 ULB তেওঁৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; দক্ষতাৰে বাদ্য-যন্ত্র বজাই জয়-ধ্ৱনি কৰা। BSB BSB: Sing to Him a new song; play skillfully with a shout of joy.
4 ULB যিহোৱাৰ বাক্য সত্য; তেওঁৰ সকলো কাৰ্য্যত তেওঁ বিশ্বাসযোগ্য। BSB BSB: For the word of the LORD is upright, and all His work is trustworthy.
5 ULB তেওঁ ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়; সমগ্র পৃথিবী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ। BSB BSB: The LORD loves righteousness and justice; the earth is full of His loving devotion.
6 ULB যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল। BSB BSB: By the word of the LORD the heavens were made, and all the stars by the breath of His mouth.
7 ULB তেওঁ সমুদ্ৰৰ জলসমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে; মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে। BSB BSB: He piles up the waters of the sea; He puts the depths into storehouses.
8 ULB গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক; জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক। BSB BSB: Let all the earth fear the LORD; let all the people of the world revere Him.
9 ULB কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল। BSB BSB: For He spoke, and it came to be; He commanded, and it stood firm.
10 ULB যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোকসমুহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে। BSB BSB: The LORD frustrates the plans of the nations; He thwarts the devices of the peoples.
11 ULB যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী। BSB BSB: The counsel of the LORD stands forever, the purposes of His heart to all generations.
12 ULB ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে। BSB BSB: Blessed is the nation whose God is the LORD, the people He has chosen as His inheritance!
13 ULB যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে; তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে। BSB BSB: The LORD looks down from heaven; He sees all the sons of men.
14 ULB পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে। BSB BSB: From His dwelling place He gazes on all who inhabit the earth.
15 ULB তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্য্যই তেওঁ নিৰীক্ষণ কৰে। BSB BSB: He shapes the hearts of each; He considers all their works.
16 ULB বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহা-শক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়। BSB BSB: No king is saved by his vast army; no warrior is delivered by his great strength.
17 ULB জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা; মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে। BSB BSB: A horse is a vain hope for salvation; even its great strength cannot save.
18 ULB যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে, BSB BSB: Surely the eyes of the LORD are on those who fear Him, on those whose hope is in His loving devotion
19 ULB যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে; BSB BSB: to deliver them from death and keep them alive in famine.
20 ULB আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে; তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল। BSB BSB: Our soul waits for the LORD; He is our help and our shield.
21 ULB আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ। BSB BSB: For our hearts rejoice in Him, since we trust in His holy name.
22 ULB হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক, কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা। BSB BSB: May Your loving devotion rest on us, O LORD, as we put our hope in You.
Select verses for actions: Enter goes to them and Escape comes back.