1 ULB ধন্য সেই লোক, যাৰ অপৰাধ ক্ষমা কৰা হয়; যাৰ পাপ ঢকা হয়। BSB BSB: Of David. A Maskil. Blessed is he whose transgressions are forgiven, whose sins are covered.
2 ULB ধন্য সেই ব্যক্তি, যি মানুহৰ অপৰাধ যিহোৱাই গণনা নকৰে, আৰু যাৰ মনত কোনো ছলনা নাই। BSB BSB: Blessed is the man whose iniquity the LORD does not count against him, in whose spirit there is no deceit.
3 ULB মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল। BSB BSB: When I kept silent, my bones became brittle from my groaning all day long.
4 ULB কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা) BSB BSB: For day and night Your hand was heavy upon me; my strength was drained as in the summer heat. Selah
5 ULB তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলো; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা) BSB BSB: Then I acknowledged my sin to You and did not hide my iniquity. I said, “I will confess my transgressions to the LORD,” and You forgave the guilt of my sin. Selah
6 ULB সেই বাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব। BSB BSB: Therefore let all the godly pray to You while You may be found. Surely when great waters rise, they will not come near.
7 ULB তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্ৱনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা) BSB BSB: You are my hiding place. You protect me from trouble; You surround me with songs of deliverance. Selah
8 ULB মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম। BSB BSB: I will instruct you and teach you the way you should go; I will give you counsel and watch over you.
9 ULB তোমালোক ঘোঁৰা বা খচ্চৰৰ নিচিনা নহবা, সিহঁতৰ বুজন শক্তি নাই; মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব। BSB BSB: Do not be like the horse or mule, which have no understanding; they must be controlled with bit and bridle to make them come to you.
10 ULB দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নিৰ্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে। BSB BSB: Many are the sorrows of the wicked, but loving devotion surrounds him who trusts in the LORD.
11 ULB হে ধাৰ্ম্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা; যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা। BSB BSB: Be glad in the LORD and rejoice, O righteous ones; shout for joy, all you upright in heart.
Select verses for actions: Enter goes to them and Escape comes back.