1 ULB হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্ম্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা। BSB BSB: For the choirmaster. A Psalm of David. In You, O LORD, I have taken refuge; let me never be put to shame; save me by Your righteousness.
2 ULB মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা। BSB BSB: Incline Your ear to me; come quickly to my rescue. Be my rock of refuge, the stronghold of my deliverance.
3 ULB তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথদৰ্শক হৈ মোক চলাই নিবা। BSB BSB: For You are my rock and my fortress; lead me and guide me for the sake of Your name.
4 ULB মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা; কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়। BSB BSB: You free me from the net laid out for me, for You are my refuge.
5 ULB হে যিহোৱা, হে মোৰ বিশ্বস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ; BSB BSB: Into Your hands I commit my spirit; You have redeemed me, O LORD, God of truth.
6 ULB যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰো; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ। BSB BSB: I hate those who cling to worthless idols, but in the LORD I trust.
7 ULB তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম; কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা; মোৰ দুর্দশাত তুমি চিন্তিত হ’লা BSB BSB: I will be glad and rejoice in Your loving devotion, for You have seen my affliction; You have known the anguish of my soul.
8 ULB তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা। BSB BSB: You have not delivered me to the enemy; You have set my feet in the open.
9 ULB হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছো; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে। BSB BSB: Be merciful to me, O LORD, for I am in distress; my eyes fail from sorrow, my soul and body as well.
10 ULB মই শোকতে মোৰ জীৱন পাৰ কৰিলো, হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে; মোৰ অপৰাধৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে। BSB BSB: For my life is consumed with grief and my years with groaning; my iniquity has drained my strength, and my bones are wasting away.
11 ULB মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র, চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়, মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ; বাটত মোক দেখিলে মানুহবোৰ পলাই যায়। BSB BSB: Among all my enemies I am a disgrace, and among my neighbors even more. I am dreaded by my friends—they flee when they see me on the street.
12 ULB মৃত ব্যক্তিক পাহৰাৰ দৰে মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো। BSB BSB: I am forgotten like a dead man, out of mind. I am like a broken vessel.
13 ULB মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত আহিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে! তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ লবলৈ ষড়যন্ত্র কৰিছে। BSB BSB: For I hear the slander of many; there is terror on every side. They conspire against me and plot to take my life.
14 ULB কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছো; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।” BSB BSB: But I trust in You, O LORD; I say, “You are my God.”
15 ULB তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা। BSB BSB: My times are in Your hands; deliver me from my enemies and from those who pursue me.
16 ULB তোমাৰ দাসৰ প্রতি তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ অসীম প্রেমত মোক ৰক্ষা কৰা। BSB BSB: Make Your face shine on Your servant; save me by Your loving devotion.
17 ULB হে যিহোৱা, মই তোমাক মাতিছো, তুমি মোক লাজত পৰিবলৈ নিদিবা; দুষ্ট লোক বৰং লাজত পৰক, চিয়োলত নীৰৱে থাকক। BSB BSB: O LORD, let me not be ashamed, for I have called on You. Let the wicked be put to shame; let them lie silent in Sheol.
18 ULB অহঙ্কাৰ আৰু তুচ্ছ ভাৱ লৈ যিসকলে ধাৰ্ম্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক। BSB BSB: May lying lips be silenced—lips that speak with arrogance against the righteous, full of pride and contempt.
19 ULB অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকললৈ, সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা। BSB BSB: How great is Your goodness which You have laid up for those who fear You, which You have bestowed before the sons of men on those who take refuge in You!
20 ULB তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয়স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিবাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয়স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা। BSB BSB: You hide them in the secret place of Your presence from the schemes of men. You conceal them in Your shelter from accusing tongues.
21 ULB যিহোৱা ধন্য হওঁক; যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলো, তেওঁ মোলৈ আশ্চর্যভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে। BSB BSB: Blessed be the LORD, for He has shown me His loving devotion in a city under siege.
22 ULB মই আতঙ্কিত হৈ যদিও কৈছিলো, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”; তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা। BSB BSB: In my alarm I said, “I am cut off from Your sight!” But You heard my plea for mercy when I called to You for help.
23 ULB হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীসকলক তেওঁ অধিক প্ৰতিফল দিয়ে। BSB BSB: Love the LORD, all His saints. The LORD preserves the faithful, but fully repays the arrogant.
24 ULB তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা, তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক। BSB BSB: Be strong and courageous, all you who hope in the LORD.
Select verses for actions: Enter goes to them and Escape comes back.