1 ULB হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা। BSB BSB: A Psalm. A song for the dedication of the temple. Of David. I will exalt You, O LORD, for You have lifted me up and have not allowed my foes to rejoice over me.
2 ULB হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা। BSB BSB: O LORD my God, I cried to You for help, and You healed me.
3 ULB হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা, তুমি মোক গাঁতলৈ যাব নিদি জীয়াই ৰাখিলা। BSB BSB: O LORD, You pulled me up from Sheol; You spared me from descending into the Pit.
4 ULB হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। BSB BSB: Sing to the LORD, O you His saints, and praise His holy name.
5 ULB কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে। BSB BSB: For His anger is fleeting, but His favor lasts a lifetime. Weeping may stay the night, but joy comes in the morning.
6 ULB সুখৰ দিনত মই কৈছিলোঁ, “মোক কোনেও লৰাব নোৱাৰিব।” BSB BSB: In prosperity I said, “I will never be shaken.”
7 ULB হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা; কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ। BSB BSB: O LORD, You favored me; You made my mountain stand strong. When You hid Your face, I was dismayed.
8 ULB হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলো, মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলো: BSB BSB: To You, O LORD, I called, and I begged my Lord for mercy:
9 ULB “মোৰ মৃত্যুত বা মই গাঁতলৈ নামি যোৱাত জানো কিবা লাভ আছে? ধুলিয়ে জানো তোমাৰ প্রশংসা নাইবা তোমাৰ বিশ্বস্ততা প্ৰচাৰ কৰিব? BSB BSB: “What gain is there in my bloodshed, in my descent to the Pit? Will the dust praise You? Will it proclaim Your faithfulness?
10 ULB হে যিহোৱা, শুনা, মোক কৃপা কৰা, হে যিহোৱা, মোৰ সহায় হোৱা।” BSB BSB: Hear me, O LORD, and have mercy; O LORD, be my helper.”
11 ULB শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা, BSB BSB: You turned my mourning into dancing; You peeled off my sackcloth and clothed me with joy,
12 ULB যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম। BSB BSB: that my heart may sing Your praises and not be silent. O LORD my God, I will give thanks forever.
Select verses for actions: Enter goes to them and Escape comes back.