Psalm 29 29 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰৰ সন্তানসকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা, BSB BSB: A Psalm of David. Ascribe to the LORD, O heavenly beings, ascribe to the LORD glory and strength.
2 ULB যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা। BSB BSB: Ascribe to the LORD the glory due His name; worship the LORD in the splendor of His holiness.
3 ULB জলসমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজলসমুহৰ ওপৰত বিদ্যমান। BSB BSB: The voice of the LORD is over the waters; the God of glory thunders; the LORD is heard over many waters.
4 ULB যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ। BSB BSB: The voice of the LORD is powerful; the voice of the LORD is majestic.
5 ULB যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে; যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়। BSB BSB: The voice of the LORD breaks the cedars; the LORD shatters the cedars of Lebanon.
6 ULB তেওঁ লেবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়; চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে। BSB BSB: He makes Lebanon skip like a calf, and Sirion like a young wild ox.
7 ULB যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে। BSB BSB: The voice of the LORD strikes with flames of fire.
8 ULB যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে। BSB BSB: The voice of the LORD shakes the wilderness; the LORD shakes the Wilderness of Kadesh.
9 ULB যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে, ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে, কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!” BSB BSB: The voice of the LORD twists the oaks and strips the forests bare. And in His temple all cry, “Glory!”
10 ULB যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল, যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে। BSB BSB: The LORD sits enthroned over the flood; the LORD is enthroned as King forever.
11 ULB যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক! BSB BSB: The LORD gives His people strength; the LORD blesses His people with peace.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 29
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 29, and keep Opened free for readers who can’t pay.