1 ULB হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা। BSB BSB: Of David. Contend with my opponents, O LORD; fight against those who fight against me.
2 ULB তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা। BSB BSB: Take up Your shield and buckler; arise and come to my aid.
3 ULB মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্রাণ।” BSB BSB: Draw the spear and javelin against my pursuers; say to my soul: “I am your salvation.”
4 ULB যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক। BSB BSB: May those who seek my life be disgraced and put to shame; may those who plan to harm me be driven back and confounded.
5 ULB তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খদি যাওঁক। BSB BSB: May they be like chaff in the wind, as the angel of the LORD drives them away.
6 ULB তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক। BSB BSB: May their path be dark and slick, as the angel of the LORD pursues.
7 ULB কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাঁতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাঁত খান্দিলে। BSB BSB: For without cause they laid their net for me; without reason they dug a pit for my soul.
8 ULB হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক; তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক; সেই বিনাশত তেওঁলোক পতিত হওঁক। BSB BSB: May ruin befall them by surprise; may the net they hid ensnare them; may they fall into the hazard they created.
9 ULB তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব। BSB BSB: Then my soul will rejoice in the LORD and exult in His salvation.
10 ULB মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?” তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা, দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা। BSB BSB: All my bones will exclaim, “Who is like You, O LORD, who delivers the afflicted from the aggressor, the poor and needy from the robber?”
11 ULB অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে। BSB BSB: Hostile witnesses come forward; they make charges I know nothing about.
12 ULB তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়। BSB BSB: They repay me evil for good, to the bereavement of my soul.
13 ULB কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলো; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল। BSB BSB: Yet when they were ill, I put on sackcloth; I humbled myself with fasting, but my prayers returned unanswered.
14 ULB মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলো; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ। BSB BSB: I paced about as for my friend or brother; I was bowed down with grief, like one mourning for his mother.
15 ULB কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল; তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল; মোৰ অজ্ঞাতে সেই অত্যাচাৰীসকলে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল। BSB BSB: But when I stumbled, they assembled in glee; they gathered together against me. Assailants I did not know slandered me without ceasing.
16 ULB তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে। BSB BSB: Like godless jesters at a feast, they gnashed their teeth at me.
17 ULB হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা; সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। BSB BSB: How long, O Lord, will You look on? Rescue my soul from their ravages, my precious life from these lions.
18 ULB মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম। BSB BSB: Then I will give You thanks in the great assembly; I will praise You among many people.
19 ULB মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা। BSB BSB: Let not my enemies gloat over me without cause, nor those who hate me without reason wink in malice.
20 ULB কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকসলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে। BSB BSB: For they do not speak peace, but they devise deceitful schemes against those who live quietly in the land.
21 ULB মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছো।” BSB BSB: They gape at me and say, “Aha, aha! Our eyes have seen!”
22 ULB হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা! BSB BSB: O LORD, You have seen it; be not silent. O Lord, be not far from me.
23 ULB হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা। BSB BSB: Awake and rise to my defense, to my cause, my God and my Lord!
24 ULB হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্ম্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা; তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা। BSB BSB: Vindicate me by Your righteousness, O LORD my God, and do not let them gloat over me.
25 ULB তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক গ্ৰাস কৰিলোঁ।” BSB BSB: Let them not say in their hearts, “Aha, just what we wanted!” Let them not say, “We have swallowed him up!”
26 ULB মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক; যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক। BSB BSB: May those who gloat in my distress be ashamed and confounded; may those who exalt themselves over me be clothed in shame and reproach.
27 ULB যিসকলে মোৰ ধাৰ্ম্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।” BSB BSB: May those who favor my vindication shout for joy and gladness; may they always say, “Exalted be the LORD who delights in His servant’s well-being.”
28 ULB তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব; ওৰে দিন তোমাৰ প্ৰশংসা কৰিব। BSB BSB: Then my tongue will proclaim Your righteousness and Your praises all day long.
Select verses for actions: Enter goes to them and Escape comes back.