Psalm 36 36 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই। BSB BSB: For the choirmaster. A Psalm of David, the servant of the LORD. An oracle is in my heart regarding the transgression of the wicked man: There is no fear of God before his eyes.
2 ULB তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব। BSB BSB: For his eyes are too full of conceit to detect or hate his own sin.
3 ULB তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ; তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে। BSB BSB: The words of his mouth are wicked and deceitful; he has ceased to be wise and well-doing.
4 ULB তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে। BSB BSB: Even on his bed he plots wickedness; he sets himself on a path that is not good; he fails to reject evil.
5 ULB হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত, আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে। BSB BSB: Your loving devotion, O LORD, reaches to the heavens, Your faithfulness to the clouds.
6 ULB তোমাৰ ধাৰ্ম্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা; তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা। BSB BSB: Your righteousness is like the highest mountains; Your judgments are like the deepest sea. O LORD, You preserve man and beast.
7 ULB হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্ৰয় লয়। BSB BSB: How precious is Your loving devotion, O God, that the children of men take refuge in the shadow of Your wings!
8 ULB তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া। BSB BSB: They feast on the abundance of Your house, and You give them drink from Your river of delights.
9 ULB কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো। BSB BSB: For with You is the fountain of life; in Your light we see light.
10 ULB যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়। BSB BSB: Extend Your loving devotion to those who know You, and Your righteousness to the upright in heart.
11 ULB মোক অহঙ্কাৰীসকলৰ ভৰিৰ তলত নেপেলাবা; দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে। BSB BSB: Let not the foot of the proud come against me, nor the hand of the wicked drive me away.
12 ULB যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল; উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল। BSB BSB: There the evildoers lie fallen, thrown down and unable to rise.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 36
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 36, and keep Opened free for readers who can’t pay.