1 ULB মই ধৈৰ্য্যেৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাঁতৰোক্তি শুনিলে। BSB BSB: For the choirmaster. A Psalm of David. I waited patiently for the LORD; He inclined to me and heard my cry.
2 ULB তেওঁ মোক বিনাশৰ গাঁতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে। BSB BSB: He lifted me up from the pit of despair, out of the miry clay; He set my feet upon a rock, and made my footsteps firm.
3 ULB তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে; অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব। BSB BSB: He put a new song in my mouth, a hymn of praise to our God. Many will see and fear and put their trust in the LORD.
4 ULB ধন্য সেই লোক, যি জনে যিহোৱাৰ ওপৰত ভাৰসা কৰে; যি জনে অহঙ্কাৰীসকলৰ ফালে নুঘূৰে, নাইবা মিছা দেৱতাসকলৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে। BSB BSB: Blessed is the man who has made the LORD his trust, who has not turned to the proud, nor to those who lapse into falsehood.
5 ULB হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা! আমাক লৈ তোমাৰ পৰিকল্পনা অনেক! তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি, মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰো, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব। BSB BSB: Many, O LORD my God, are the wonders You have done, and the plans You have for us—none can compare to You—if I proclaim and declare them, they are more than I can count.
6 ULB তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা; তুমি মোক শুনিবলৈ শ্ৰৱন শক্তি দিলা; হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই। BSB BSB: Sacrifice and offering You did not desire, but my ears You have opened. Burnt offerings and sin offerings You did not require.
7 ULB তেতিয়া মই ক’লো, “এইয়া মই আহিছো; পুস্তকখনত মই অহাৰ বিষয়ে লিখা আছে। BSB BSB: Then I said, “Here I am, I have come—it is written about me in the scroll:
8 ULB হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ; তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।” BSB BSB: I delight to do Your will, O my God; Your law is within my heart.”
9 ULB মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰো; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই। BSB BSB: I proclaim righteousness in the great assembly; behold, I do not seal my lips, as You, O LORD, do know.
10 ULB তোমাৰ উদ্ধাৰৰ সাহার্যৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলো; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই। BSB BSB: I have not covered up Your righteousness in my heart; I have declared Your faithfulness and salvation; I have not concealed Your loving devotion and faithfulness from the great assembly.
11 ULB হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক। BSB BSB: O LORD, do not withhold Your mercy from me; Your loving devotion and faithfulness will always guard me.
12 ULB কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে। BSB BSB: For evils without number surround me; my sins have overtaken me, so that I cannot see. They are more than the hairs of my head, and my heart has failed within me.
13 ULB হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা; হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা। BSB BSB: Be pleased, O LORD, to deliver me; hurry, O LORD, to help me.
14 ULB যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক। BSB BSB: May those who seek my life be ashamed and confounded; may those who wish me harm be repelled and humiliated.
15 ULB যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে!” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক। BSB BSB: May those who say to me, “Aha, aha!” be appalled at their own shame.
16 ULB কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক; তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান!” BSB BSB: May all who seek You rejoice and be glad in You; may those who love Your salvation always say, “The LORD be magnified!”
17 ULB কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা। BSB BSB: But I am poor and needy; may the Lord think of me. You are my helper and deliverer; O my God, do not delay.
Select verses for actions: Enter goes to them and Escape comes back.