1 ULB হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণৰে শুনিলোঁ; পূৰ্ব্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য্য কৰিছিলা, সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে। BSB BSB: For the choirmaster. A Maskil of the sons of Korah. We have heard with our ears, O God; our fathers have told us the work You did in their days, in the days of old.
2 ULB তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। তুমি সেই সকলো লোকৰ নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিছিলা। BSB BSB: With Your hand You drove out the nations and planted our fathers there; You crushed the peoples and cast them out.
3 ULB তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয়লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল। BSB BSB: For it was not by their sword that they took the land; their arm did not bring them victory. It was by Your right hand, Your arm, and the light of Your face, because You favored them.
4 ULB হে মোৰ ঈশ্বৰ, তুমিয়েই মোৰ ৰজা; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা। BSB BSB: You are my King, O God, who ordains victories for Jacob.
5 ULB আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম। BSB BSB: Through You we repel our foes; through Your name we trample our enemies.
6 ULB মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰো, মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে। BSB BSB: For I do not trust in my bow, nor does my sword save me.
7 ULB কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা। BSB BSB: For You save us from our enemies; You put those who hate us to shame.
8 ULB ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছো; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা) BSB BSB: In God we have boasted all day long, and Your name we will praise forever. Selah
9 ULB কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; আমাৰ সৈন্যসমূহৰ লগত তুমি যাত্রা নকৰা। BSB BSB: But You have rejected and humbled us; You no longer go forth with our armies.
10 ULB শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; আমাক শত্রুবোৰে আমাক লুট কৰিছে। BSB BSB: You have made us retreat from the foe, and those who hate us have plundered us.
11 ULB তুমি আমাক কাটিবলৈ নিয়া ভেড়াৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা। BSB BSB: You have given us up as sheep to be devoured; You have scattered us among the nations.
12 ULB তুমি তোমাৰ লোকসমূহক বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা। BSB BSB: You sell Your people for nothing; no profit do You gain from their sale.
13 ULB ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোকসমূহৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা। BSB BSB: You have made us a reproach to our neighbors, a mockery and derision to those around us.
14 ULB অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোকসমূহৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা। BSB BSB: You have made us a byword among the nations, a laughingstock among the peoples.
15 ULB ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে; BSB BSB: All day long my disgrace is before me, and shame has covered my face,
16 ULB মোক নিন্দা আৰু তুচ্ছজ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে, BSB BSB: at the voice of the scorner and reviler, because of the enemy, bent on revenge.
17 ULB আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই। BSB BSB: All this has come upon us, though we have not forgotten You or betrayed Your covenant.
18 ULB তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আতৰি যোৱা নাই। BSB BSB: Our hearts have not turned back; our steps have not strayed from Your path.
19 ULB তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা। BSB BSB: But You have crushed us in the lair of jackals; You have covered us with deepest darkness.
20 ULB আমাৰ ঈশ্বৰক যদি আমি পাহৰিলো, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো, BSB BSB: If we had forgotten the name of our God or spread out our hands to a foreign god,
21 ULB তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে। BSB BSB: would not God have discovered, since He knows the secrets of the heart?
22 ULB কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া ভেড়াৰ নিচিনা গণিত হৈছোঁ। BSB BSB: Yet for Your sake we face death all day long; we are considered as sheep to be slaughtered.
23 ULB হে যিহোৱা,সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা! BSB BSB: Wake up, O Lord! Why are You sleeping? Arise! Do not reject us forever.
24 ULB তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা? BSB BSB: Why do You hide Your face and forget our affliction and oppression?
25 ULB আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে। BSB BSB: For our soul has sunk to the dust; our bodies cling to the earth.
26 ULB উঠি আহা, আমাক সহায় কৰা; তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা। BSB BSB: Rise up; be our help! Redeem us on account of Your loving devotion.
Select verses for actions: Enter goes to them and Escape comes back.