1 ULB হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্ম্মিকতা প্ৰদান কৰা। BSB BSB: Of Solomon. Endow the king with Your justice, O God, and the son of the king with Your righteousness.
2 ULB তেওঁ ধাৰ্ম্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব। BSB BSB: May he judge Your people with righteousness and Your afflicted with justice.
3 ULB পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধার্মিকর্তা উৎপাদন কৰিব। BSB BSB: May the mountains bring peace to the people, and the hills bring righteousness.
4 ULB তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তানসকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব। BSB BSB: May he vindicate the afflicted among the people; may he save the children of the needy and crush the oppressor.
5 ULB সূৰ্য্য চন্দ্ৰ থাকেমানে, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব। BSB BSB: May they fear him as long as the sun shines, as long as the moon remains, through all generations.
6 ULB ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেও তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়। BSB BSB: May he be like rain that falls on freshly cut grass, like spring showers that water the earth.
7 ULB তেওঁৰ সময়ত ধাৰ্ম্মিক জন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব তিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব। BSB BSB: May the righteous flourish in his days and prosperity abound until the moon is no more.
8 ULB তেওঁলোকে এখন সমুদ্ৰৰ পৰা আনএখন সমুদ্ৰলৈকে ৰাজ্যশাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব। BSB BSB: May he rule from sea to sea, and from the Euphrates to the ends of the earth.
9 ULB মৰুভূমিৰ নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব। BSB BSB: May the nomads bow before him, and his enemies lick the dust.
10 ULB তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব। BSB BSB: May the kings of Tarshish and distant shores bring tribute; may the kings of Sheba and Seba offer gifts.
11 ULB এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰলোকসকল তেওঁৰ সেৱা কৰিব। BSB BSB: May all kings bow down to him and all nations serve him.
12 ULB কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। BSB BSB: For he will deliver the needy who cry out and the afflicted who have no helper.
13 ULB তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব। BSB BSB: He will take pity on the poor and needy and save the lives of the oppressed.
14 ULB অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হব। BSB BSB: He will redeem them from oppression and violence, for their blood is precious in his sight.
15 ULB ৰজাসকল জীয়াই থাকিব! আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীর্বাদ কৰিব। BSB BSB: Long may he live! May gold from Sheba be given him. May people ever pray for him; may they bless him all day long.
16 ULB পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব। BSB BSB: May there be an abundance of grain in the land; may it sway atop the hills. May its fruit trees flourish like the forests of Lebanon, the people of its cities like the grass of the field.
17 ULB ৰজাৰ নাম চিৰস্থায়ী হব; সূৰ্য্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলি ক’ব। BSB BSB: May his name endure forever; may his name continue as long as the sun shines. In him may all nations be blessed; may they call him blessed.
18 ULB ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম্ম কৰোঁতা। BSB BSB: Blessed be the LORD God, the God of Israel, who alone does marvelous deeds.
19 ULB তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিবীত তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন। BSB BSB: And blessed be His glorious name forever; may all the earth be filled with His glory. Amen and amen.
20 ULB যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত। BSB BSB: Thus conclude the prayers of David son of Jesse.
Select verses for actions: Enter goes to them and Escape comes back.