1 ULB হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে। BSB BSB: A Psalm of Asaph. The nations, O God, have invaded Your inheritance; they have defiled Your holy temple and reduced Jerusalem to rubble.
2 ULB তোমাৰ দাসসকলৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে; তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে। BSB BSB: They have given the corpses of Your servants as food to the birds of the air, the flesh of Your saints to the beasts of the earth.
3 ULB যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল। BSB BSB: They have poured out their blood like water all around Jerusalem, and there is no one to bury the dead.
4 ULB চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ। BSB BSB: We have become a reproach to our neighbors, a scorn and derision to those around us.
5 ULB হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব? BSB BSB: How long, O LORD? Will You be angry forever? Will Your jealousy burn like fire?
6 ULB তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া, তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া। BSB BSB: Pour out Your wrath on the nations that do not acknowledge You, on the kingdoms that refuse to call on Your name,
7 ULB কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে। BSB BSB: for they have devoured Jacob and devastated his homeland.
8 ULB আমাৰ পূৰ্ব্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ। BSB BSB: Do not hold past sins against us; let Your compassion come quickly, for we are brought low.
9 ULB হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা। BSB BSB: Help us, O God of our salvation, for the glory of Your name; deliver us and atone for our sins, for the sake of Your name.
10 ULB আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসসকলৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা। BSB BSB: Why should the nations ask, “Where is their God?” Before our eyes, make known among the nations Your vengeance for the bloodshed of Your servants.
11 ULB বন্দীসকলৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক; যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে, তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা। BSB BSB: May the groans of the captives reach You; by the strength of Your arm preserve those condemned to death.
12 ULB হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক যি অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া। BSB BSB: Pay back into the laps of our neighbors sevenfold the reproach they hurled at You, O Lord.
13 ULB তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ ভেড়া যি আমি, আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম, আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম। BSB BSB: Then we Your people, the sheep of Your pasture, will thank You forever; from generation to generation we will declare Your praise.
Select verses for actions: Enter goes to them and Escape comes back.