1 ULB হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া; মোৰ মুখৰ কথালৈ কাণ পাতা। BSB BSB: A Maskil of Asaph. Give ear, O my people, to my instruction; listen to the words of my mouth.
2 ULB মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম; মই পূৰ্ব্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম। BSB BSB: I will open my mouth in parables; I will utter things hidden from the beginning,
3 ULB এই সকলো যি যি কথা আমি শুনিলো আৰু জানিলো, আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে। BSB BSB: that we have heard and known and our fathers have relayed to us.
4 ULB তেওঁলোকৰ বংশৰ সন্তানসকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম। BSB BSB: We will not hide them from their children but will declare to the next generation the praises of the LORD and His might and the wonders He has performed.
5 ULB কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে। BSB BSB: For He established a testimony in Jacob and appointed a law in Israel, which He commanded our fathers to teach to their children,
6 ULB যাতে ভাবী-বংশৰ সন্তানসকলে, যিসকলে এতিয়াও জন্মগ্রহণ কৰা নাই, তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তানসকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে। BSB BSB: that the coming generation would know them—even children yet to be born—to arise and tell their own children
7 ULB তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্য্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব। BSB BSB: that they should put their confidence in God, not forgetting His works, but keeping His commandments.
8 ULB তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনও সমর্পিত আৰু বিশ্বস্ত নাছিল। BSB BSB: Then they will not be like their fathers, a stubborn and rebellious generation, whose heart was not loyal, whose spirit was not faithful to God.
9 ULB ইফ্ৰয়িমৰ বংশৰ সন্তানসকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল। BSB BSB: The archers of Ephraim turned back on the day of battle.
10 ULB তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে। BSB BSB: They failed to keep God’s covenant and refused to live by His law.
11 ULB তেওঁ যি যি কার্য কৰিছিলে, তাক তেওঁলোকে পাহৰি গ’ল। তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল। BSB BSB: They forgot what He had done, the wonders He had shown them.
12 ULB ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল। BSB BSB: He worked wonders before their fathers in the land of Egypt, in the region of Zoan.
13 ULB তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে, তেওঁ জলসমূহক দম কৰাৰ দৰে থিয় কৰিলে। BSB BSB: He split the sea and brought them through; He set the waters upright like a wall.
14 ULB দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে। BSB BSB: He led them with a cloud by day and with a light of fire all night.
15 ULB মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে। BSB BSB: He split the rocks in the wilderness and gave them drink as abundant as the seas.
16 ULB তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে, সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে। BSB BSB: He brought streams from the stone and made water flow down like rivers.
17 ULB কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল, সর্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে। BSB BSB: But they continued to sin against Him, rebelling in the desert against the Most High.
18 ULB তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবি কৰি, তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে। BSB BSB: They willfully tested God by demanding the food they craved.
19 ULB তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে, “ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে? BSB BSB: They spoke against God, saying, “Can God really prepare a table in the wilderness?
20 ULB তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল; সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে? তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?” BSB BSB: When He struck the rock, water gushed out and torrents raged. But can He also give bread or supply His people with meat?”
21 ULB এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল; যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল; ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল; BSB BSB: Therefore the LORD heard and was filled with wrath; so a fire was kindled against Jacob, and His anger flared against Israel,
22 ULB কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল; তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে। BSB BSB: because they did not believe God or rely on His salvation.
23 ULB তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে। BSB BSB: Yet He commanded the clouds above and opened the doors of the heavens.
24 ULB লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে, স্বৰ্গৰ শস্য তেওঁলোকক দিলে। BSB BSB: He rained down manna for them to eat; He gave them grain from heaven.
25 ULB মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে। BSB BSB: Man ate the bread of angels; He sent them food in abundance.
26 ULB তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে; তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে। BSB BSB: He stirred the east wind from the heavens and drove the south wind by His might.
27 ULB তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে, সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে; BSB BSB: He rained meat on them like dust, and winged birds like the sand of the sea.
28 ULB তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে তেওঁ সেইবোৰক পৰিবলৈ দিলে। BSB BSB: He felled them in the midst of their camp, all around their dwellings.
29 ULB তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল; তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে। BSB BSB: So they ate and were well filled, for He gave them what they craved.
30 ULB কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই BSB BSB: Yet before they had filled their desire, with the food still in their mouths,
31 ULB ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে। BSB BSB: God’s anger flared against them, and He put to death their strongest and subdued the young men of Israel.
32 ULB তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল, তেওঁৰ আচৰিত কৰ্ম্মত বিশ্বাস নকৰিলে। BSB BSB: In spite of all this, they kept on sinning; despite His wonderful works, they did not believe.
33 ULB সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে চুটি কৰিলে, তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে। BSB BSB: So He ended their days in futility, and their years in sudden terror.
34 ULB তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে। BSB BSB: When He slew them, they would seek Him; they repented and searched for God.
35 ULB তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা, সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা। BSB BSB: And they remembered that God was their Rock, that God Most High was their Redeemer.
36 ULB কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে, BSB BSB: But they deceived Him with their mouths, and lied to Him with their tongues.
37 ULB তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল। BSB BSB: Their hearts were disloyal to Him, and they were unfaithful to His covenant.
38 ULB তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধংস নকৰিলে; এনে কি তেওঁ অনেক বাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল। BSB BSB: And yet He was compassionate; He forgave their iniquity and did not destroy them. He often restrained His anger and did not unleash His full wrath.
39 ULB তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে; তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুণৰ ঘূৰি নাহে। BSB BSB: He remembered that they were but flesh, a passing breeze that does not return.
40 ULB মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে! সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে! BSB BSB: How often they disobeyed Him in the wilderness and grieved Him in the desert!
41 ULB বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে, ইস্ৰায়েলৰ পবিত্ৰ জনাক অসন্তুষ্ট কৰিলে। BSB BSB: Again and again they tested God and provoked the Holy One of Israel.
42 ULB তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, মনত নাৰাখিলে সেই দিনৰ কথা- যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল; BSB BSB: They did not remember His power—the day He redeemed them from the adversary,
43 ULB যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল। BSB BSB: when He performed His signs in Egypt and His wonders in the fields of Zoan.
44 ULB সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে। BSB BSB: He turned their rivers to blood, and from their streams they could not drink.
45 ULB তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুঁলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে। BSB BSB: He sent swarms of flies that devoured them, and frogs that devastated them.
46 ULB তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে। BSB BSB: He gave their crops to the grasshopper, the fruit of their labor to the locust.
47 ULB তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে, আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে। BSB BSB: He killed their vines with hailstones and their sycamore-figs with sleet.
48 ULB তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে, বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে। BSB BSB: He abandoned their cattle to the hail and their livestock to bolts of lightning.
49 ULB তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল। BSB BSB: He unleashed His fury against them, wrath, indignation, and calamity—a band of destroying angels.
50 ULB তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে; তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে, কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে। BSB BSB: He cleared a path for His anger; He did not spare them from death but delivered their lives to the plague.
51 ULB তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে, হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে। BSB BSB: He struck all the firstborn of Egypt, the virility in the tents of Ham.
52 ULB তাৰ পাছত তেওঁ নিজৰ লোকসকলক ভেড়াৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি ভেড়াৰ জাকৰ দৰে তেওঁলোকক চলালে। BSB BSB: He led out His people like sheep and guided them like a flock in the wilderness.
53 ULB তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে। BSB BSB: He led them safely, so they did not fear, but the sea engulfed their enemies.
54 ULB তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে; যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে। BSB BSB: He brought them to His holy land, to the mountain His right hand had acquired.
55 ULB তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; আৰু ইস্ৰায়েলৰ জনগোষ্ঠীসকলক নিজ নিজ তম্বুত বাস কৰালে। BSB BSB: He drove out nations before them and apportioned their inheritance; He settled the tribes of Israel in their tents.
56 ULB কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে। BSB BSB: But they tested and disobeyed God Most High, for they did not keep His decrees.
57 ULB তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; ত্রুটিপূর্ণ ধনুৰ কাড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল। BSB BSB: They turned back and were faithless like their fathers, twisted like a faulty bow.
58 ULB তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে। BSB BSB: They enraged Him with their high places and provoked His jealousy with their idols.
59 ULB এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণভাৱে অগ্রাহ্য কৰিলে। BSB BSB: On hearing it, God was furious and rejected Israel completely.
60 ULB চীলোত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে। BSB BSB: He abandoned the tabernacle of Shiloh, the tent He had pitched among men.
61 ULB নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে। BSB BSB: He delivered His strength to captivity, and His splendor to the hand of the adversary.
62 ULB তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে; আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে। BSB BSB: He surrendered His people to the sword because He was enraged by His heritage.
63 ULB তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে; তেওঁলোকৰ ছোৱালীবোৰৰ কাৰণে বিবাহৰ গীত গোৱা নহ’ল। BSB BSB: Fire consumed His young men, and their maidens were left without wedding songs.
64 ULB তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে। BSB BSB: His priests fell by the sword, but their widows could not lament.
65 ULB তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল; দ্ৰাক্ষাৰস পান কৰি চিঞঁৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল। BSB BSB: Then the Lord awoke as from sleep, like a mighty warrior overcome by wine.
66 ULB তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আতঁৰাই দিলে; তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে। BSB BSB: He beat back His foes; He put them to everlasting shame.
67 ULB পাছত তেওঁ যোচেফৰ বংশৰ তম্বুক অগ্ৰাহ্য কৰিলে; ইফ্ৰয়িমৰ জনগোষ্ঠীক তেওঁ মনোনীত নকৰিলে; BSB BSB: He rejected the tent of Joseph and refused the tribe of Ephraim.
68 ULB কিন্তু তেওঁ যিহূদা জনগোষ্ঠীক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে। BSB BSB: But He chose the tribe of Judah, Mount Zion, which He loved.
69 ULB তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে, তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে। BSB BSB: He built His sanctuary like the heights, like the earth He has established forever.
70 ULB তেওঁ নিজ দাস দাযু়দক মনোনীত কৰিলে, তেওঁ তেওঁক ভেড়াৰ গৰাঁলৰ পৰা আনিলে। BSB BSB: He chose David His servant and took him from the sheepfolds;
71 ULB গাখীৰ দিয়া ভেড়াৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক, যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে। BSB BSB: from tending the ewes He brought him to be shepherd of His people Jacob, of Israel His inheritance.
72 ULB দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে; তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে। BSB BSB: So David shepherded them with integrity of heart and guided them with skillful hands.
Select verses for actions: Enter goes to them and Escape comes back.