1 ULB হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা! BSB BSB: A song. A Psalm of Asaph. O God, be not silent; be not speechless; be not still, O God.
2 ULB চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে; তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে। BSB BSB: See how Your enemies rage, how Your foes have reared their heads.
3 ULB তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে। BSB BSB: With cunning they scheme against Your people and conspire against those You cherish,
4 ULB তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক, যাতে ইস্ৰায়েলৰ নাম পুণৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব। BSB BSB: saying, “Come, let us erase them as a nation; may the name of Israel be remembered no more.”
5 ULB তেওঁলোকে একমনা হৈ ষড়যন্ত্র কৰিছে; তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে। BSB BSB: For with one mind they plot together; they form an alliance against You—
6 ULB তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল, মোৱাবীয়া আৰু হাগৰীয়াসকল, BSB BSB: the tents of Edom and the Ishmaelites, of Moab and the Hagrites,
7 ULB গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তুৰ নিবাসীসকলৰ সৈতে ফিলিষ্টীয়াসকল; BSB BSB: of Gebal, Ammon, and Amalek, of Philistia with the people of Tyre.
8 ULB অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে; লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে। BSB BSB: Even Assyria has joined them, lending strength to the sons of Lot. Selah
9 ULB তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ প্রতি তাকেই কৰা। BSB BSB: Do to them as You did to Midian, as to Sisera and Jabin at the River Kishon,
10 ULB চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিলা। BSB BSB: who perished at Endor and became like dung on the ground.
11 ULB তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা; তেওঁলোক সকলো অধিপতিসকলৰ দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা। BSB BSB: Make their nobles like Oreb and Zeeb, and all their princes like Zebah and Zalmunna,
12 ULB তেওঁলোকে কৈছিল, “আহাঁ আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওহঁক।” BSB BSB: who said, “Let us possess for ourselves the pastures of God.”
13 ULB হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা, বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা। BSB BSB: Make them like tumbleweed, O my God, like chaff before the wind.
14 ULB বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে, জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে, BSB BSB: As fire consumes a forest, as a flame sets the mountains ablaze,
15 ULB সেইদৰে, তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা, আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা। BSB BSB: so pursue them with Your tempest, and terrify them with Your storm.
16 ULB হে যিহোৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া, যাতে হে যিহোৱা, তেওঁলোকে তোমাৰ নাম মাতিব, BSB BSB: Cover their faces with shame, that they may seek Your name, O LORD.
17 ULB তেওঁলোক চিৰকালৰ বাবে লজ্জিত হওঁক আৰু ভীষণভাৱে আতঙ্কিত হওঁক; তেওঁলোক অপমানিত হৈ বিনষ্ট হওক। BSB BSB: May they be ever ashamed and terrified; may they perish in disgrace.
18 ULB তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা, তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা। BSB BSB: May they know that You alone, whose name is the LORD, are Most High over all the earth.
Select verses for actions: Enter goes to them and Escape comes back.