1 ULB মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম। BSB BSB: A Maskil of Ethan the Ezrahite. I will sing of the loving devotion of the LORD forever; with my mouth I will proclaim Your faithfulness to all generations.
2 ULB মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী। BSB BSB: For I have said, “Loving devotion is built up forever; in the heavens You establish Your faithfulness.”
3 ULB তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ: BSB BSB: You said, “I have made a covenant with My chosen one, I have sworn to David My servant:
4 ULB ‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম।’” (চেলা) BSB BSB: ‘I will establish your offspring forever and build up your throne for all generations.’” Selah
5 ULB হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্ম্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে। BSB BSB: The heavens praise Your wonders, O LORD—Your faithfulness as well—in the assembly of the holy ones.
6 ULB আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতসকলৰ মাজত যিহোৱাৰ তুল্য কোন আছে? BSB BSB: For who in the skies can compare with the LORD? Who among the heavenly beings is like the LORD?
7 ULB পবিত্ৰ দূতসকলৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভীতিজনক। BSB BSB: In the council of the holy ones, God is greatly feared, and awesome above all who surround Him.
8 ULB হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে। BSB BSB: O LORD God of Hosts, who is like You? O mighty LORD, Your faithfulness surrounds You.
9 ULB তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা। BSB BSB: You rule the raging sea; when its waves mount up, You still them.
10 ULB তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা। BSB BSB: You crushed Rahab like a carcass; You scattered Your enemies with Your mighty arm.
11 ULB আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা। BSB BSB: The heavens are Yours, and also the earth. The earth and its fullness You founded.
12 ULB উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে। BSB BSB: North and south You created; Tabor and Hermon shout for joy at Your name.
13 ULB তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল। BSB BSB: Mighty is Your arm; strong is Your hand. Your right hand is exalted.
14 ULB ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্বস্ততা তোমাৰ আগে আগে চলে। BSB BSB: Righteousness and justice are the foundation of Your throne; loving devotion and faithfulness go before You.
15 ULB ধন্য সেই লোক, যি সকলে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে। BSB BSB: Blessed are those who know the joyful sound, who walk, O LORD, in the light of Your presence.
16 ULB ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্ম্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে। BSB BSB: They rejoice in Your name all day long, and in Your righteousness they exult.
17 ULB তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তিৰ শিং উন্নত হব। BSB BSB: For You are the glory of their strength, and by Your favor our horn is exalted.
18 ULB আমাৰ ৰজা ইস্রায়েলৰ পবিত্র জনাৰ দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই। BSB BSB: Surely our shield belongs to the LORD, and our king to the Holy One of Israel.
19 ULB এসময়ততুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলো। BSB BSB: You once spoke in a vision; to Your godly ones You said, “I have bestowed help on a warrior; I have exalted one chosen from the people.
20 ULB মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ। BSB BSB: I have found My servant David; with My sacred oil I have anointed him.
21 ULB মোৰ হাত সদায় তেওঁৰ লগত থাকিব; মোৰ বাহুৱেও তেওঁক বলৱান কৰিব। BSB BSB: My hand will sustain him; surely My arm will strengthen him.
22 ULB কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব, কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব। BSB BSB: No enemy will exact tribute; no wicked man will oppress him.
23 ULB মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম; যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম। BSB BSB: I will crush his foes before him and strike down those who hate him.
24 ULB মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব; মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব। BSB BSB: My faithfulness and loving devotion will be with him, and through My name his horn will be exalted.
25 ULB মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম। BSB BSB: I will set his hand over the sea, and his right hand upon the rivers.
26 ULB তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’ BSB BSB: He will call to Me, ‘You are my Father, my God, the Rock of my salvation.’
27 ULB মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম, পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম। BSB BSB: I will indeed appoint him as My firstborn, the highest of the kings of the earth.
28 ULB তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব। BSB BSB: I will forever preserve My loving devotion for him, and My covenant with him will stand fast.
29 ULB মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম। BSB BSB: I will establish his line forever, his throne as long as the heavens endure.
30 ULB তেওঁৰ সন্তানসকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে, BSB BSB: If his sons forsake My law and do not walk in My judgments,
31 ULB যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে, BSB BSB: if they violate My statutes and fail to keep My commandments,
32 ULB তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্ম্মৰ শাস্তি চাবুকেৰে দিম। BSB BSB: I will attend to their transgression with the rod, and to their iniquity with stripes.
33 ULB কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম। BSB BSB: But I will not withdraw My loving devotion from him, nor ever betray My faithfulness.
34 ULB মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম। BSB BSB: I will not violate My covenant or alter the utterance of My lips.
35 ULB মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকও। BSB BSB: Once and for all I have sworn by My holiness—I will not lie to David—
36 ULB তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্য্যৰ দৰে চিৰস্থায়ী হব। BSB BSB: his offspring shall endure forever, and his throne before Me like the sun,
37 ULB সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা) BSB BSB: like the moon, established forever, a faithful witness in the sky.” Selah
38 ULB কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা। BSB BSB: Now, however, You have spurned and rejected him; You are enraged by Your anointed one.
39 ULB তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা। BSB BSB: You have renounced the covenant with Your servant and sullied his crown in the dust.
40 ULB তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা। BSB BSB: You have broken down all his walls; You have reduced his strongholds to rubble.
41 ULB তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াসকলৰ নিন্দাৰ পাত্র হৈছে। BSB BSB: All who pass by plunder him; he has become a reproach to his neighbors.
42 ULB তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা। BSB BSB: You have exalted the right hand of his foes; You have made all his enemies rejoice.
43 ULB তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা। BSB BSB: You have bent the edge of his sword and have not sustained him in battle.
44 ULB তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা। BSB BSB: You have ended his splendor and cast his throne to the ground.
45 ULB তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা; তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা) BSB BSB: You have cut short the days of his youth; You have covered him with shame. Selah
46 ULB হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নেকি? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব? BSB BSB: How long, O LORD? Will You hide Yourself forever? Will Your wrath keep burning like fire?
47 ULB মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা! BSB BSB: Remember the briefness of my lifespan! For what futility You have created all men!
48 ULB কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা) BSB BSB: What man can live and never see death? Can he deliver his soul from the power of Sheol? Selah
49 ULB হে যিহোৱা, তোমাৰ পূৰ্ব্ব-কালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা। BSB BSB: Where, O Lord, is Your loving devotion of old, which You faithfully swore to David?
50 ULB হে যিহোৱা, তোমাৰ দাসসকলক কৰা অপমান সোঁৱৰণ কৰা; সোৱঁৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ; কেনেকৈ মই মোৰ বুকুত বহন কৰি আছো। BSB BSB: Remember, O Lord, the reproach of Your servants, which I bear in my heart from so many people—
51 ULB হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে, তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে। BSB BSB: how Your enemies have taunted, O LORD, and have mocked every step of Your anointed one!
52 ULB যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন। BSB BSB: Blessed be the LORD forever! Amen and amen.
Select verses for actions: Enter goes to them and Escape comes back.