1 ULB হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা। BSB BSB: O LORD, God of vengeance, O God of vengeance, shine forth.
2 ULB হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা, অহঙ্কাৰী লোকসকলক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া। BSB BSB: Rise up, O Judge of the earth; render a reward to the proud.
3 ULB হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব? BSB BSB: How long will the wicked, O LORD, how long will the wicked exult?
4 ULB তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে। BSB BSB: They pour out arrogant words; all workers of iniquity boast.
5 ULB হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে; তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে। BSB BSB: They crush Your people, O LORD; they oppress Your heritage.
6 ULB বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে; অনাথ সকলক হত্যা কৰিছে; BSB BSB: They kill the widow and the foreigner; they murder the fatherless.
7 ULB তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।” BSB BSB: They say, “The LORD does not see; the God of Jacob pays no heed.”
8 ULB হে বিবেকহীন লোকসকল, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধ লোকসকল, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব? BSB BSB: Take notice, O senseless among the people! O fools, when will you be wise?
9 ULB যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব? যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব? BSB BSB: He who affixed the ear, can He not hear? He who formed the eye, can He not see?
10 ULB যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে, তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব? BSB BSB: He who admonishes the nations, does He not discipline? He who teaches man, does He lack knowledge?
11 ULB যিহোৱাই মানুহৰ সকলো চিন্তা জানে; তেওঁ জানে যে তেওঁলোক সকলো শ্বাসমাত্র। BSB BSB: The LORD knows the thoughts of man, that they are futile.
12 ULB হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা, আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া, BSB BSB: Blessed is the man You discipline, O LORD, and teach from Your law,
13 ULB যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাঁত খন্দা শেষ নহয়। BSB BSB: to grant him relief from days of trouble, until a pit is dug for the wicked.
14 ULB কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব। BSB BSB: For the LORD will not forsake His people; He will never abandon His heritage.
15 ULB ন্যায়বিচাৰ পুণৰ ধাৰ্ম্মিকতাৰ ওচৰলৈ উভটি আহিব; শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব। BSB BSB: Surely judgment will again be righteous, and all the upright in heart will follow it.
16 ULB কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব? BSB BSB: Who will rise up for me against the wicked? Who will stand for me against the workers of iniquity?
17 ULB যদি যিহোৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেতেঁন। BSB BSB: Unless the LORD had been my helper, I would soon have dwelt in the abode of silence.
18 ULB যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে। BSB BSB: If I say, “My foot is slipping,” Your loving devotion, O LORD, supports me.
19 ULB মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাবোৰে মোৰ প্রাণত আনন্দ দান কৰে। BSB BSB: When anxiety overwhelms me, Your consolation delights my soul.
20 ULB দুর্নীতিপৰায়ন শাসনকর্তাসকলে দুস্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে? BSB BSB: Can a corrupt throne be Your ally—one devising mischief by decree?
21 ULB তেওঁলোকে ধাৰ্ম্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়; তেওঁলোকে নির্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে। BSB BSB: They band together against the righteous and condemn the innocent to death.
22 ULB কিন্তু যিহোৱাই মোৰ দুৰ্গ; মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা। BSB BSB: But the LORD has been my stronghold, and my God is my rock of refuge.
23 ULB তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব, তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব; আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব। BSB BSB: He will bring upon them their own iniquity and destroy them for their wickedness. The LORD our God will destroy them.
Select verses for actions: Enter goes to them and Escape comes back.