Psalm 99 99 Psalms Book 4 Assamese Unlocked Literal Bible 1 ULB যিহোৱাই ৰজা; জাতিসমূহ কম্পিত হওঁক! তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক! BSB BSB: The LORD reigns; let the nations tremble! He is enthroned above the cherubim; let the earth quake!
2 ULB চিয়োনত যিহোৱা মহান; সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল। BSB BSB: Great is the LORD in Zion; He is exalted above all the peoples.
3 ULB জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; তেওঁ পবিত্ৰ! BSB BSB: Let them praise Your great and awesome name—He is holy!
4 ULB যি ৰজা শক্তিশালী, তেওঁ ন্যায় ভাল পায়; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায়বিচাৰ আৰু ধাৰ্ম্মিকতা সাধন কৰিলা। BSB BSB: The mighty King loves justice. You have established equity; You have exercised justice and righteousness in Jacob.
5 ULB আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ! BSB BSB: Exalt the LORD our God, and worship at His footstool; He is holy!
6 ULB তেওঁৰ পুৰোহিতসকলৰ মাজত মোচি আৰু হাৰোণ আছিল; যিসকলে তেওঁৰ নামত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ মাজত চমূৱেল আছিল। তেওঁলোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিছিল; তাতে তেওঁ উত্তৰ দিছিল। BSB BSB: Moses and Aaron were among His priests; Samuel was among those who called on His name. They called to the LORD and He answered.
7 ULB তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁলোকে তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিছিল। BSB BSB: He spoke to them from the pillar of cloud; they kept His decrees and the statutes He gave them.
8 ULB হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা। BSB BSB: O LORD our God, You answered them. You were a forgiving God to them, yet an avenger of their misdeeds.
9 ULB তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ। BSB BSB: Exalt the LORD our God and worship at His holy mountain, for the LORD our God is holy.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 99
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 99, and keep Opened free for readers who can’t pay.