2 ULB কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দুৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়। BSB BSB: For one person has faith to eat all things, while another, who is weak, eats only vegetables.
3 ULB যি জন লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে। BSB BSB: The one who eats everything must not belittle the one who does not, and the one who does not eat everything must not judge the one who does, for God has accepted him.
4 ULB অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে। BSB BSB: Who are you to judge someone else’s servant? To his own master he stands or falls. And he will stand, for the Lord is able to make him stand.
6 ULB যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেই দিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক। BSB BSB: He who observes a special day does so to the Lord; he who eats does so to the Lord, for he gives thanks to God; and he who abstains does so to the Lord and gives thanks to God.
7 ULB কিয়নো আমাৰ কোনেও নিজৰ কাৰণে নিজীয়ে আৰু কোনেও নিজৰ কাৰণে নমৰেও। BSB BSB: For none of us lives to himself alone, and none of us dies to himself alone.
8 ULB কিয়নো যদি আমি জীওঁ, তেন্তে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেন্তে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছো। BSB BSB: If we live, we live to the Lord, and if we die, we die to the Lord. So whether we live or die, we belong to the Lord.
9 ULB কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল। BSB BSB: For this reason Christ died and returned to life, that He might be the Lord of both the dead and the living.
10 ULB কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম। BSB BSB: Why, then, do you judge your brother? Or why do you belittle your brother? For we will all stand before God’s judgment seat.
11 ULB কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে, "মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, 'সকলোৱে মোৰ আগত আঁঠু ল’ব, আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।" BSB BSB: It is written: “As surely as I live, says the Lord, every knee will bow before Me; every tongue will confess to God.”
12 ULB এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব। BSB BSB: So then, each of us will give an account of himself to God.
13 ULB এইকাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে। BSB BSB: Therefore let us stop judging one another. Instead, make up your mind not to put any stumbling block or obstacle in your brother’s way.
15 ULB কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেন্তে আপুনি প্ৰেম আচৰণ কৰা নহ'ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব। BSB BSB: If your brother is distressed by what you eat, you are no longer acting in love. Do not by your eating destroy your brother, for whom Christ died.
16 ULB এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব; BSB BSB: Do not allow what you consider good, then, to be spoken of as evil.
17 ULB কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ। BSB BSB: For the kingdom of God is not a matter of eating and drinking, but of righteousness, peace, and joy in the Holy Spirit.
18 ULB কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষা সিদ্ধ। BSB BSB: For whoever serves Christ in this way is pleasing to God and approved by men.
19 ULB এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক। BSB BSB: So then, let us pursue what leads to peace and to mutual edification.
20 ULB খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ। BSB BSB: Do not destroy the work of God for the sake of food. All food is clean, but it is wrong for a man to let his eating be a stumbling block.
21 ULB মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত। BSB BSB: It is better not to eat meat or drink wine or to do anything to cause your brother to stumble.
22 ULB আপোনাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে, সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে, সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য। BSB BSB: Keep your belief about such matters between yourself and God. Blessed is the one who does not condemn himself by what he approves.
23 ULB কিন্তু সংশয় কৰা জনে যদি খায়, তেন্তে তেওঁক দোষী কৰা হ’ল; কিয়নো সেয়ে বিশ্বাসমূলক নহয়; আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ। BSB BSB: But the one who has doubts is condemned if he eats, because his eating is not from faith; and everything that is not from faith is sin.
Select verses for actions: Enter goes to them and Escape comes back.