1 ULB কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্বল লোক সকলৰ দুৰ্ব্বলতাৰূপ ভাৰ বোৱা উচিত। BSB BSB: We who are strong ought to bear with the shortcomings of the weak and not to please ourselves.
2 ULB আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্ম্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ ভাললৈ চাই, তেওঁক সন্তুষ্ট কৰক। BSB BSB: Each of us should please his neighbor for his good, to build him up.
3 ULB কিয়নো খ্ৰীষ্টয়ো নিজকে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেদৰে লিখা আছে, বোলে, "তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল", ঠিক সেইদৰে হ’ল; BSB BSB: For even Christ did not please Himself, but as it is written: “The insults of those who insult You have fallen on Me.”
4 ULB কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল। BSB BSB: For everything that was written in the past was written for our instruction, so that through endurance and the encouragement of the Scriptures, we might have hope.
5 ULB এতিয়া যি জন ধৈৰ্য্য আৰু শান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক; BSB BSB: Now may the God who gives endurance and encouragement grant you harmony with one another in Christ Jesus,
6 ULB এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷ BSB BSB: so that with one mind and one voice you may glorify the God and Father of our Lord Jesus Christ.
7 ULB এতেকে ঈশ্বৰৰ মহিমাৰ অৰ্থে, যেনেকৈ খ্ৰীষ্টে আপোনালোকক গ্ৰহণ কৰিলে, তেনেকৈ আপোনালোকেও ইজনে সিজনক গ্ৰহণ কৰক। BSB BSB: Accept one another, then, just as Christ accepted you, in order to bring glory to God.
8 ULB কিয়নো মই কওঁ, ওপৰ পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল। BSB BSB: For I tell you that Christ has become a servant of the circumcised on behalf of God’s truth, to confirm the promises made to the patriarchs,
9 ULB আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, "এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।" BSB BSB: so that the Gentiles may glorify God for His mercy. As it is written: “Therefore I will praise You among the Gentiles; I will sing hymns to Your name.”
10 ULB আকৌ কৈছে, "হে অনা-ইহুদী সকল, তেওঁলোকৰ সৈতে আনন্দ কৰা।" BSB BSB: Again, it says: “Rejoice, O Gentiles, with His people.”
11 ULB আকৌ, "প্ৰভুৰ প্ৰশংসা কৰা, হে সকলো অনা-ইহুদী আৰু সকলোৱে তেওঁৰ প্ৰশংসা কৰক।" BSB BSB: And again: “Praise the Lord, all you Gentiles, and extol Him, all you peoples.”
12 ULB আকৌ যিচয়ায়ো কৈছে, "যিচয়ৰ পৰা এনে এটি গজালি ওলাব, যি জনে অনা-ইহুদী সকলৰ ওপৰত শাসন কৰিবলৈ উঠিব, আৰু তেওঁত অনা-ইহুদী লোক সকলে ভাৰসা কৰিব।" BSB BSB: And once more, Isaiah says: “The Root of Jesse will appear, One who will arise to rule over the Gentiles; in Him the Gentiles will put their hope.”
13 ULB এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক। BSB BSB: Now may the God of hope fill you with all joy and peace as you believe in Him, so that you may overflow with hope by the power of the Holy Spirit.
14 ULB হে মোৰ ভাই সকল, আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে, আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মঙ্গলভাৱত পৰিপূৰ্ণ হৈ আছে। BSB BSB: I myself am convinced, my brothers, that you yourselves are full of goodness, brimming with knowledge, and able to instruct one another.
15 ULB কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে, আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছু মান বিষয়ত বেছি সাহসেৰে লিখিলোঁ৷ BSB BSB: However, I have written you a bold reminder on some points, because of the grace God has given me
16 ULB অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্য্যা কৰিবলৈ পালোঁ৷ BSB BSB: to be a minister of Christ Jesus to the Gentiles in the priestly service of the gospel of God, so that the Gentiles might become an offering acceptable to God, sanctified by the Holy Spirit.
17 ULB এতেকে, ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে, খ্ৰীষ্ট যীচুত মোৰ শ্লাঘা আছে। BSB BSB: Therefore I exult in Christ Jesus in my service to God.
18 ULB কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰো৷ BSB BSB: I will not presume to speak of anything except what Christ has accomplished through me in leading the Gentiles to obedience by word and deed,
19 ULB তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলো৷ BSB BSB: by the power of signs and wonders, and by the power of the Spirit of God. So from Jerusalem all the way around to Illyricum, I have fully proclaimed the gospel of Christ.
20 ULB এইদৰে য'ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য৷ অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলো৷ BSB BSB: In this way I have aspired to preach the gospel where Christ was not known, so that I would not be building on someone else’s foundation.
21 ULB যেনেকৈ লিখা আছে, বোলে, "যি সকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই, তেওঁলোকে দেখিব, আৰু যি সকলে শুনা নাই, তেওঁলোকে বুজিব৷" BSB BSB: Rather, as it is written: “Those who were not told about Him will see, and those who have not heard will understand.”
22 ULB এই কাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেক বাৰ বাধা পালোঁ; BSB BSB: That is why I have often been hindered from coming to you.
23 ULB কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই, আৰু বহু বছৰ ধৰি আপোনালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলোঁ৷ BSB BSB: But now that there are no further opportunities for me in these regions, and since I have longed for many years to visit you,
24 ULB যেতিয়া মই স্পেন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰোঁ যে, মই আপোনালোকক দেখা পাম আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ, পাছত আপোনালোকৰ দ্ৱাৰাই তালৈ আগবঢ়াই থোৱা হ’ম৷ BSB BSB: I hope to see you on my way to Spain. And after I have enjoyed your company for a while, you can equip me for my journey.
25 ULB কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্য্যাৰ অৰ্থে যিৰূচালেমলৈ যাওঁ। BSB BSB: Now, however, I am on my way to Jerusalem to serve the saints there.
26 ULB কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয় লোক সকলে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ মাজৰ দৰিদ্ৰ সকলৰ অৰ্থে, কিছু দান কৰিবলৈ ভাল দেখিলে। BSB BSB: For Macedonia and Achaia were pleased to make a contribution for the poor among the saints in Jerusalem.
27 ULB হয়, তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে আৰু প্ৰকৃততে তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ ধৰুৱাও আছিল৷ কিয়নো অনা-ইহুদী সকল যদি অপার্থিৱ বিষয়ত তেওঁলোকৰ সহভাগী হ’ল, তেন্তে পার্থিৱ বিষয়তো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হ'ল। BSB BSB: They were pleased to do it, and indeed they owe it to them. For if the Gentiles have shared in their spiritual blessings, they are obligated to minister to them with material blessings.
28 ULB এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দান ৰূপ ফল প্ৰমাণসিদ্ধ কৰি তেওঁলোকক শোধাই দিয়াৰ পাছত, মই স্পেইন দেশৰ যাত্ৰাত থাকোতে অাপোনালোকৰ ওচৰলৈ যাম। BSB BSB: So after I have completed this service and have safely delivered this bounty to them, I will set off to Spain by way of you.
29 ULB আৰু মই জানো যে, আপোনালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম। BSB BSB: I know that when I come to you, I will come in the fullness of the blessing of Christ.
30 ULB হে ভাই সকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক; BSB BSB: Now I urge you, brothers, by our Lord Jesus Christ and by the love of the Spirit, to join me in my struggle by praying to God for me.
31 ULB যাতে যিহুদীয়াত থকা আজ্ঞা নমনা সকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু যিৰূচালেমলৈ মোৰ যি পৰিচৰ্যা, সেয়ে পবিত্ৰ লোক সকলৰ আগত যেন গ্ৰহণীয় হয়৷ BSB BSB: Pray that I may be delivered from the unbelievers in Judea, and that my service in Jerusalem may be acceptable to the saints there,
32 ULB আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দেৰে গৈ, আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম৷ BSB BSB: so that by God’s will I may come to you with joy and together with you be refreshed.
33 ULB শান্তিৰ আকৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক। আমেন। BSB BSB: The God of peace be with all of you. Amen.
Select verses for actions: Enter goes to them and Escape comes back.