1 ULB চূলম্মীৎ আৰু যিৰুচালেমৰ জীয়াৰী-বিলাকৰ বাক্য। BSB BSB: This is Solomon’s Song of Songs.
2 ULB তেওঁ নিজৰ মুখৰ চুমা কেইটামানেৰে মোক চুমা খাওঁক; কিয়নো তোমাৰ প্ৰেম দ্ৰাক্ষাৰসতকৈও উত্তম| BSB BSB: Let him kiss me with the kisses of his mouth! For your love is more delightful than wine.
3 ULB তোমাৰ সুগন্ধি তেলৰ গন্ধ অতি উত্তম, তোমাৰ নাম, বাকি দিয়া সুগন্ধি তেলস্বৰুপ; সেই নিমিত্তে যুৱতীবিলাকে তোমাক প্ৰেম কৰে। BSB BSB: The fragrance of your perfume is pleasing; your name is like perfume poured out. No wonder the maidens adore you.
4 ULB মোক লৈ যোৱাহি, আমি তোমাৰ পাছে পাছে লৰি যাম। ৰজাই নিজৰ অন্ত:পুৰলৈ মোক আনিলে; আমি তোমাত আনন্দিত হৈ ৰং কৰো, দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ প্ৰেমৰ অধিক প্ৰসংসা কৰোঁ। লোকে তোমাক সৰলভাৱে প্ৰেম কৰে। BSB BSB: Take me away with you—let us hurry! May the king bring me to his chambers. We will rejoice and delight in you; we will praise your love more than wine. It is only right that they adore you.
5 ULB হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই ক’লা বৰণীয়া কিন্তু সুন্দৰী, কেদৰৰ তম্বুৰ নিচিনা, চলোমনৰ আঁৰ-কাপোৰৰ সদৃশ। BSB BSB: I am dark, yet lovely, O daughters of Jerusalem, like the tents of Kedar, like the curtains of Solomon.
6 ULB মই ঈষদ কলী, সূয্যই মোক বিবৰ্ণ কৰিলে, এই দেখি মোলৈ তোমালোকে কুদৃষ্টি নকৰিবা। মোৰ আইৰ পুতেকহঁতে মোক খং কৰিলে, সিহঁতে মোক দ্ৰাক্ষাবাৰীবোৰৰ ৰখীয়ানী কৰিছিল; কিন্তু মোৰ নিজৰ দ্ৰাক্ষা-বাৰী মই ৰক্ষা কৰা নাই| BSB BSB: Do not stare because I am dark, for the sun has gazed upon me. My mother’s sons were angry with me; they made me a keeper of the vineyards, but my own vineyard I have neglected.
7 ULB হে মোৰ প্ৰাণপ্ৰিয়, তুমি নিজৰ জাক ক’ত চৰাইছা? আৰু দুপৰ বেলা নিজৰ জাকক ক’ত জিৰোৱাইছা? তাক মোক কোৱা; কিয়নো তোমাৰ লগৰীয়াবিলাকৰ জাকবোৰৰ মাজত, ওৰণি লোৱা জনীৰ নিচিনা মই কিয় হম? BSB BSB: Tell me, O one I love, where do you pasture your sheep? Where do you rest them at midday? Why should I be like a veiled woman beside the flocks of your companions?
8 ULB হে নাৰীবিলাকৰ মাজত পৰম সুন্দৰী, তুমি যদি তাক নাজানা, তেন্তে জাকৰ খোজৰ চিন ধৰি ধৰি যোৱা, আৰু ৰখিয়াবিলাকৰ তম্বুবোৰৰ ওচৰত তোমাৰ ছাগলী পোৱালীবোৰক চৰোৱাগৈ| BSB BSB: If you do not know, O fairest of women, follow the tracks of the flock, and graze your young goats near the tents of the shepherds.
9 ULB হে মোৰ প্ৰিয়া, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছো| BSB BSB: I compare you, my darling, to a mare among Pharaoh’s chariots.
10 ULB বেনীৰ দাৰাই তোমাৰ গাল দুখন, আৰু মুকুতাৰ হাৰেৰে তোমাৰ ডিঙি শোভিত হৈছে| BSB BSB: Your cheeks are beautiful with ornaments, your neck with strings of jewels.
11 ULB ঠায়ে ঠায়ে ৰুপ খটোৱা সোনৰ বেণী তোমাৰ নিমিত্তে আমি যুগুত কৰিম| BSB BSB: We will make you ornaments of gold, studded with beads of silver.
12 ULB যেতিয়া ৰজা ভোজনৰ সভাত বহি আছিল, তেতিয়া মোৰ জটামাংসীয়ে সুগন্ধ প্ৰদান কৰিছিল| BSB BSB: While the king was at his table, my perfume spread its fragrance.
13 ULB যি গন্ধৰসৰ টুপলি মোৰ দুই স্তনৰ মাজত থাকে, মোৰ আগত মোৰ প্ৰিয় সেই টুপলিৰ নিচিনা| BSB BSB: My beloved is to me a sachet of myrrh resting between my breasts.
14 ULB অয়িন-গদীৰ দ্ৰাক্ষা-বাৰীত থকা জেতুকা ফুলৰ থোপা যেনে, মোৰ প্ৰিয় মোৰ আগত তেনে| BSB BSB: My beloved is to me a cluster of henna blossoms in the vineyards of En-gedi.
15 ULB হে মোৰ প্ৰিয়া, চোৱা, তুমি সুন্দৰী, হয়, তুমি সুন্দৰী; তোমাৰ চকু যোৰি দুটি কপৌৰ নিচিনা| BSB BSB: How beautiful you are, my darling! Oh, how very beautiful! Your eyes are like doves.
16 ULB হে মোৰ প্ৰিয়, চোৱা, তুমি সুন্দৰ, এনে কি, তুমি মনোহৰ; আমাৰ শয্যা কেঁচাপতীয়া| BSB BSB: How handsome you are, my beloved! Oh, how delightful! The soft grass is our bed.
17 ULB আমাৰ ঘৰৰ চতি এৰচ গছৰ, আৰু আমাৰ ঘৰৰ বৰগা দেবদাৰুৰ। BSB BSB: The beams of our house are cedars; our rafters are fragrant firs.
Select verses for actions: Enter goes to them and Escape comes back.