1 ULB হে মোৰ ভনীস্বৰুপা কন্যা, মই মোৰ উদ্যানত সোমালোঁহি; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালো; মই মোৰ মধুৰে সৈতে মোৰ মৌ-কোঁহ খালোঁ; আৰু মই নিজ গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ| হে বন্ধুবিলাক, ভোজন কৰা, হে প্ৰিয়-বিলাক,পান কৰা, এনে কি, অধিক পৰিমাণে পান কৰা। BSB BSB: I have come to my garden, my sister, my bride; I have gathered my myrrh with my spice. I have eaten my honeycomb with my honey; I have drunk my wine with my milk. Eat, O friends, and drink; drink freely, O beloved.
2 ULB মই টোপনিত আছিলো, কিন্তু মোৰ মন সাৰে আছিল, এনে সময়ত মোৰ প্ৰিয়ৰ মাত শুনিলোঁ; তেওঁ দুৱাৰত টুকৰিয়াই কলে, ‘হে মোৰ ভনী, হে মোৰ প্ৰিয়া, হে মোৰ কপোতী, হে মোৰ শুদ্ধমতী, মোৰ নিমিওে দুৱাৰ মেলা; কিয়নো মোৰ মূৰ নিয়ৰেৰে, আৰু চুলি কোঁচা ৰাতিৰ জল-বিন্দুৰে পূৰ হৈছে|’ BSB BSB: I sleep, but my heart is awake. A sound! My beloved is knocking: “Open to me, my sister, my darling, my dove, my flawless one. My head is drenched with dew, my hair with the dampness of the night.”
3 ULB ‘মই মোৰ অঙ্গ-ৰক্ষক বস্ত্ত সোলোকাই থলোঁ, আকৌ কেনেকৈ পিন্ধিম? মই ভৰি দুখনি ধুলোঁ, কেনেকৈ আৰু মলিন কৰিম?’ BSB BSB: I have taken off my robe—must I put it back on? I have washed my feet—must I soil them again?
4 ULB মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত মেলিলত, তেওঁলৈ মোৰ মন পুৰিবলৈ ধৰিলে| BSB BSB: My beloved put his hand to the latch; my heart pounded for him.
5 ULB মই মোৰ প্ৰিয়ৰ নিমিত্তে দুৱাৰ মেলিবলৈ উঠিলোঁ; তেতিয়া সলখাৰ নালডাল মই হাতেৰে চোৱাত, মোৰ হাতৰ পৰা গন্ধৰস, মোৰ আঙলিৰ পৰা দ্ৰৱ গন্ধৰস, টোপা-টোপে পৰিল| BSB BSB: I rose up to open for my beloved. My hands dripped with myrrh, my fingers with flowing myrrh on the handles of the bolt.
6 ULB এইদৰে মই মোৰ প্ৰিয়ৰ নিমিত্তে দুৱাৰ মেলি দিলো; কিন্ত্ত মোৰ প্ৰিয় গুচি গল; তেওঁ কথা কওঁতে মোৰ প্ৰাণ ওলাই গল; মই তেওঁক বিচাৰ কৰিলো কিন্ত তেওঁক নাপালোঁ| মই তেওঁক মাতিলোঁ, কিন্ত্ত তেওঁ মোক উত্তৰ নিদিলে| BSB BSB: I opened for my beloved, but he had turned and gone. My heart sank at his departure. I sought him but did not find him. I called, but he did not answer.
7 ULB নগৰ-ফুৰোঁতা প্ৰহৰীবোৰে মোক পালে, সিহঁতে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; গড়ৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে| BSB BSB: I encountered the watchmen on their rounds of the city. They beat me and bruised me; they took away my cloak, those guardians of the walls.
8 ULB হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই তোমালোকক শপত দি কৈছোঁ, তোমালোকে যদি মোৰ প্ৰিয়ক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই প্ৰেমতে পীড়িতা আছোঁ| BSB BSB: O daughters of Jerusalem, I adjure you, if you find my beloved, tell him I am sick with love.
9 ULB হে নাৰীবিলাকৰ মাজত পৰম-সুন্দৰী, আন আন প্ৰিয়তকৈ তোমাৰ প্ৰিয় কিহত উত্তম? তুমি যে আমাক এনে শপত দিছা, আন আন প্ৰিয়তকৈ তোমাৰ প্ৰিয় কিহত উত্তম? BSB BSB: How is your beloved better than others, O most beautiful among women? How is your beloved better than another, that you charge us so?
10 ULB মোৰ প্ৰিয় বগা, আৰু ৰঙচীয়া; তেওঁ দহ হাজাৰৰ ভিতৰত অগ্ৰগন্য| BSB BSB: My beloved is dazzling and ruddy, outstanding among ten thousand.
11 ULB তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোঁচা কেঁকোৰা-কেঁকুৰি, আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা| BSB BSB: His head is purest gold; his hair is wavy and black as a raven.
12 ULB তেওঁৰ চকু যুৰি জুৰিৰ দাঁতিত থকা দুটি কপৌৰ নিচিনা; তাক যেন গাখীৰেৰেহে ধোৱা হৈছে, আৰু সেয়ে উত্তমৰুপে পতোৱা বাখৰৰ সদৃশ; BSB BSB: His eyes are like doves beside the streams of water, bathed in milk and mounted like jewels.
13 ULB তেওঁ গাল দুখনি সুগন্ধি ফুল গছৰ এক ভেটিস্বৰুপ, আৰু মচলা উৎপাদক লতাৰ স্তম্ভ স্বৰুপ| তেওঁৰ ওঁঠ দুটি কনাৰি ফুলৰ সদৃশ; তাৰ পৰা দ্ৰৱ গন্ধৰস টোপটোপকৈ পৰে| BSB BSB: His cheeks are like beds of spice, towers of perfume. His lips are like lilies, dripping with flowing myrrh.
14 ULB তেওঁৰ হাত দুখনি বৈদুৰ্য্য বাখৰ পতোৱা সোণৰ আঙঠিৰ নিচিনা| তেওঁৰ শৰীৰ নীলকান্ত বাখৰেৰে ঢকা হাতীদাঁতৰ শিল্পকৰ্ম্মৰ নিচিনা| BSB BSB: His arms are rods of gold set with beryl. His body is polished ivory bedecked with sapphires.
15 ULB তেওঁৰ ভৰি দুখন উত্তম সোণৰ আধাৰত বহুৱা বগা শিলৰ দুটি স্তম্ভৰ নিচিনা| তেওঁ দেখিবলৈ লিবানোনৰ নিচিনা, এৰচ গছৰ নিচিনা উওম| BSB BSB: His legs are pillars of marble set on bases of pure gold. His appearance is like Lebanon, as majestic as the cedars.
Select verses for actions: Enter goes to them and Escape comes back.