1 ULB ব’লা আমি যিহোৱালৈ ঘূৰি যাওঁ; কাৰণ তেওঁ বিদাৰিলে, আৰু তেওঁ আমাক সুস্থও কৰিব; তেওঁ প্ৰহাৰিলে আৰু তেওঁ আমাৰ ঘা বান্ধিব। BSB BSB: Come, let us return to the LORD. For He has torn us to pieces, but He will heal us; He has wounded us, but He will bind up our wounds.
2 ULB দুদিনৰ পাছত তেওঁ আমাক পুনৰায় জীয়াব, তৃতীয় দিনা তেওঁ আমাক তুলিব; তাতে আমি তেওঁৰ সাক্ষাতে জীয়াই থাকিম। BSB BSB: After two days He will revive us; on the third day He will raise us up, that we may live in His presence.
3 ULB আহাঁ আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ তেওঁৰ অনুগামি হওহঁক; তেওঁৰ উদয় অৰুণোদয়ৰ নিচিনা নিশ্চিত; তেওঁ আমাৰ ওচৰলৈ বৃষ্টিৰ নিচিনাকৈ, ভূমি ভিজাওঁতা শেষতীয়া বৰষুণৰ নিচিনাকৈ আহিব। BSB BSB: So let us know—let us press on to know the LORD. As surely as the sun rises, He will appear; He will come to us like the rain, like the spring showers that water the earth.
4 ULB হে ইফ্ৰয়িম, মই তোমাক কি কৰিম? হে যিহূদা, তোমাক বা কি কৰিম? কিয়নো তোমালোকৰ প্ৰেম ৰাতিপুৱাৰ মেঘৰ নিচিনা, আৰু সোনকালে নাইকিয়া হোৱা নিয়ৰৰ নিচিনা। BSB BSB: What shall I do with you, O Ephraim? What shall I do with you, O Judah? For your loyalty is like a morning mist, like the early dew that vanishes.
5 ULB এই কাৰণে মই ভাববাদীৰ দ্বাৰাই তেওঁবিলাকক কাঠ চঁচাদি চঁচালো, মোৰ মুখৰ বাক্যেৰে তেওঁবিলাকক বধ কৰিলোঁ, আৰু তোমালৈ কৰা দণ্ডাজ্ঞাবোৰ চকমকীয়া বিজুলীৰ নিচিনা হব। BSB BSB: Therefore I have hewn them by the prophets; I have slain them by the words of My mouth, and My judgments go forth like lightning.
6 ULB কিয়নো মই বলিদান বাঞ্ছা নকৰোঁ, দয়াহে বাঞ্ছা কৰোঁ আৰু হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিক বাঞ্ছা কৰোঁ। BSB BSB: For I desire mercy, not sacrifice, and the knowledge of God rather than burnt offerings.
7 ULB কিন্তু আদমৰ নিচিনাকৈ তেওঁবিলাকে নিয়মটি ভগ্ন কৰিলে; সৌ তাত তেওঁবিলাকে মোৰ বিৰুদ্ধে বিশ্বাস-ঘাতকতা কৰিলে। BSB BSB: But they, like Adam, have transgressed the covenant; there they were unfaithful to Me.
8 ULB গিলিয়দ অধৰ্ম্মচাৰীবোৰৰ নগৰ; তাত তেজৰ দাগ আছে। BSB BSB: Gilead is a city of evildoers, tracked with footprints of blood.
9 ULB মানুহলৈ খাপ দি থকা ডকাইতৰ দলৰ নিচিনাকৈ, পুৰোহিতদলে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি, তেওঁবিলাকে অতি কুচ্ছিত কাৰ্য্য কৰে। BSB BSB: Like raiders who lie in ambush, so does a band of priests; they murder on the way to Shechem; surely they have committed atrocities.
10 ULB মই ইস্ৰায়েলৰ মাজত নোম শিয়ৰি যোৱা কাৰ্য্য দেখিলোঁ; সৌ তাত ইফ্ৰয়িমত বেশ্যাকৰ্ম্ম চলিছে, ইস্ৰায়েল অশুচি হল। BSB BSB: In the house of Israel I have seen a horrible thing: Ephraim practices prostitution there, and Israel is defiled.
11 ULB আৰু হে যিহূদা, মই মোৰ প্ৰজাবিলাকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰা সময়ত তোমাৰ নিমিত্তেও শস্য দোৱা সময় নিৰূপিত হৈছে। BSB BSB: Also for you, O Judah, a harvest is appointed, when I restore My people from captivity.