1 ULB চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ। BSB BSB: “Indeed, my eyes have seen all this; my ears have heard and understood.
2 ULB তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকত্কৈ নিকৃষ্ট নহওঁ। BSB BSB: What you know, I also know; I am not inferior to you.
3 ULB কিন্তু মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ। BSB BSB: Yet I desire to speak to the Almighty and argue my case before God.
4 ULB কেন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ। BSB BSB: You, however, smear with lies; you are all worthless physicians.
5 ULB অস, তোমালোক একেবাৰে নিমাত হৈ থকা হলে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য্য বুলি গণিত হলহেঁতেন। BSB BSB: If only you would remain silent; for that would be your wisdom!
6 ULB এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা। BSB BSB: Hear now my argument, and listen to the plea of my lips.
7 ULB তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা কবা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে? BSB BSB: Will you speak wickedly on God’s behalf or speak deceitfully for Him?
8 ULB তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে? BSB BSB: Would you show Him partiality or argue in His defense?
9 ULB তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰা? BSB BSB: Would it be well when He examined you? Could you deceive Him as you would deceive a man?
10 ULB তোমালোকে যদি গুপুতে পক্ষপাতি কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব। BSB BSB: Surely He would rebuke you if you secretly showed partiality.
11 ULB তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা? BSB BSB: Would His majesty not terrify you? Would the dread of Him not fall upon you?
12 ULB তোমালোকৰ সোঁৱৰণীয় বচনমালা ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ হেতুবাদ ধুলিৰ গড়স্বৰূপ। BSB BSB: Your maxims are proverbs of ashes; your defenses are defenses of clay.
13 ULB তোমালোকে মনে মনে থাকা, মোকেই কথা কবলৈ এৰি দিয়া; মোলৈ যি ঘটি, ঘটক। BSB BSB: Be silent, and I will speak. Then let come to me what may.
14 ULB মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম। BSB BSB: Why do I put myself at risk and take my life in my own hands?
15 ULB চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম। BSB BSB: Though He slay me, I will hope in Him. I will still defend my ways to His face.
16 ULB এয়েই মোৰ পৰিত্ৰাণৰ উপায়ো হব, যে, অধৰ্ম্মী লোক তেওঁৰ আগত থিয় হব নোৱাৰিব। BSB BSB: Moreover, this will be my salvation, for no godless man can appear before Him.
17 ULB মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কণত সোমাওক। BSB BSB: Listen carefully to my words; let my declaration ring in your ears.
18 ULB চোৱা, মোৰ গোচৰ মই ঠিক্ঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো। BSB BSB: See now, I have prepared my case; I know that I will be vindicated.
19 ULB মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছি, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম। BSB BSB: Can anyone indict me? If so, I will be silent and die.
20 ULB তুমি কেৱল দুটা কাৰ্য্য মোলৈ নকৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম। BSB BSB: Only grant these two things to me, so that I need not hide from You:
21 ULB মোৰ ওপৰৰ পৰা তোমাৰ হাত আঁতৰাই নিয়া, আৰু তোমাৰ ভয়ানকতাই মোক ভয় নলগাওক। BSB BSB: Withdraw Your hand from me, and do not let Your terror frighten me.
22 ULB তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা। BSB BSB: Then call me, and I will answer, or let me speak, and You can reply.
23 ULB মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম্ম আৰু পাপ মোক দনোৱা। BSB BSB: How many are my iniquities and sins? Reveal to me my transgression and sin.
24 ULB তোমাৰ মুখ কায় লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰূ যেন মানিছা? BSB BSB: Why do You hide Your face and consider me as Your enemy?
25 ULB উডুৱাই নিয়া পাতক তুমি জানো ত্ৰাসযোক্ত কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা? BSB BSB: Would You frighten a windblown leaf? Would You chase after dry chaff?
26 ULB কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ ফল ভোগ কৰাইছা। BSB BSB: For You record bitter accusations against me and bequeath to me the iniquities of my youth.
27 ULB যদিও মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ, BSB BSB: You put my feet in the stocks and stand watch over all my paths; You set a limit for the soles of my feet.
28 ULB তথাপি তুমি মোৰ ভৰি কুন্দত বন্ধ কৰিছা, মোৰ সকলো পথ চিনি ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা। BSB BSB: So man wastes away like something rotten, like a moth-eaten garment.
Select verses for actions: Enter goes to them and Escape comes back.