1 ULB তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। BSB BSB: “Man, who is born of woman, is short of days and full of trouble.
2 ULB তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰি বেগেৰে চলি যায়, স্তিৰ হৈ নাথাকে; BSB BSB: Like a flower, he comes forth, then withers away; like a fleeting shadow, he does not endure.
3 ULB এনে লোকলৈ তুমি চকু মেলিছা, আৰু এনেকুৱা যি মই, মোকেই তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা। BSB BSB: Do You open Your eyes to one like this? Will You bring him into judgment before You?
4 ULB অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে। BSB BSB: Who can bring out clean from unclean? No one!
5 ULB তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হব নোৱাৰাকৈ তুমি তৈওঁৰ সীমা স্থাপন কৰিলা; BSB BSB: Since his days are determined and the number of his months is with You, and since You have set limits that he cannot exceed,
6 ULB সেই দেখি, বেচ খোৱাৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰে মানে, তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া। BSB BSB: look away from him and let him rest, so he can enjoy his day as a hired hand.
7 ULB কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়। BSB BSB: For there is hope for a tree: If it is cut down, it will sprout again, and its tender shoots will not fail.
8 ULB যদি মাটিত তাৰ শিপা বুঢ়া হয়, আৰু ভুমিত তাৰ মূৰাতো মৰে, BSB BSB: If its roots grow old in the ground and its stump dies in the soil,
9 ULB তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ঠাল মেলে। BSB BSB: at the scent of water it will bud and put forth twigs like a sapling.
10 ULB কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে ক’ত থাকিব আৰু? BSB BSB: But a man dies and is laid low; he breathes his last, and where is he?
11 ULB যেনেকৈ জলাহৰ পানী ঢুকাই যায়, আৰু নৈৰ পানী শুকাই সমুলি নাইকিয়া হয়, BSB BSB: As water disappears from the sea and a river becomes parched and dry,
12 ULB তেনেকৈ মানুহ শুলে লোঠে আৰু; আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁবিলাকে সাৰ নাপায়, আৰু তেওঁবিলাকক নিদ্ৰাৰ পৰা জগোৱা নহয়। BSB BSB: so a man lies down and does not rise. Until the heavens are no more, he will not be awakened or roused from sleep.
13 ULB অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হলে, তোমাৰ ক্ৰোধ মাৰ নাযায়মালে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ নিমিত্তে এক সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হলে, কেনে ভাল আছিল! BSB BSB: If only You would hide me in Sheol and conceal me until Your anger has passed! If only You would appoint a time for me and then remember me!
14 ULB মানুহ নৰিলে পুনৰায় জীব নে? যদি জীয়ে, তেন্তে মোক বদলি নকৰেমানে, মই তোমাৰ সৈন্যবৃত্তিৰ দিন কেইটা বাট চায় থাকিম। BSB BSB: When a man dies, will he live again? All the days of my hard service I will wait, until my renewal comes.
15 ULB তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্ম্মলৈ হাবিয়াহ কৰিবা। BSB BSB: You will call, and I will answer; You will desire the work of Your hands.
16 ULB কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো লেখ কৰিছা; তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই? BSB BSB: For then You would count my steps, but would not keep track of my sin.
17 ULB মোৰ অধৰ্ম্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা। BSB BSB: My transgression would be sealed in a bag, and You would cover over my iniquity.
18 ULB কিন্তু পৰ্ব্বতো পৰি নাইকিয়া হয়, আৰু বৃহৎ শিলকো নিজ ঠাইৰ পৰা গুচুউৱা হয়। BSB BSB: But as a mountain erodes and crumbles and a rock is dislodged from its place,
19 ULB পানীয়া শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইৰে তুমি মানুহৰ আশাকো ভঙা। BSB BSB: as water wears away the stones and torrents wash away the soil, so You destroy a man’s hope.
20 ULB তুমি তেওঁক একেবাৰে মৰণন্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া। BSB BSB: You forever overpower him, and he passes on; You change his countenance and send him away.
21 ULB তেওঁৰ পুতেকবিলাক মৰ্য্যদাৱন্ত হলে, তাক তেওঁ নাজানে; আৰু সিহঁতৰ হীনাৱস্তা হলেও, তেওঁ তাৰ গম নাপায়। BSB BSB: If his sons receive honor, he does not know it; if they are brought low, he is unaware.
22 ULB কিন্তু তেওঁৰ নিজৰ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে। BSB BSB: He feels only the pain of his own body and mourns only for himself.”
Select verses for actions: Enter goes to them and Escape comes back.