1 ULB মোৰ উশাহ বিকৃত হৈছে, মোৰ দিন ওৰ পৰিছে, মোলৈ মৈদাম যুগুত আছে। BSB BSB: “My spirit is broken; my days are extinguished; the grave awaits me.
2 ULB নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ ওচৰত আছে, আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে। BSB BSB: Surely mockers surround me, and my eyes must gaze at their rebellion.
3 ULB বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা; নিজৰ আগত নিজেই মোৰ জামিন হোৱা; আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব? BSB BSB: Give me, I pray, the pledge You demand. Who else will be my guarantor?
4 ULB কিয়নো তুমি ইবিলাকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা; এই হেতুকে তুমি ইবিলাকক মোক জয় কৰিবলৈ নিদিবা। BSB BSB: You have closed their minds to understanding; therefore You will not exalt them.
5 ULB যিকোনোৱে নিজ বন্ধুবিলাকক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে, তাৰ সন্তানবিলাকৰ চকু অন্ধ হ’ব। BSB BSB: If a man denounces his friends for a price, the eyes of his children will fail.
6 ULB তেওঁ মোক সোকবিলাকৰ আগত দৃষ্টান্ত কৰিলে; যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হ’লোঁ। BSB BSB: He has made me a byword among the people, a man in whose face they spit.
7 ULB মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ’ল, আৰু মোৰ সকলো অঙ্গ-প্ৰত্যঙ্গ ছাঁৰ তুল্য হ’ল। BSB BSB: My eyes have grown dim with grief, and my whole body is but a shadow.
8 ULB ইয়াতে সৰল আচৰণ কৰোঁতা বিলাকে আচৰিত মানিব, আৰু অধৰ্ম্মীৰ বিৰুদ্ধে নিৰ্দ্দোষী জঁকি উঠিব। BSB BSB: The upright are appalled at this, and the innocent are stirred against the godless.
9 ULB তথাপি ধাৰ্ম্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব। BSB BSB: Yet a righteous one holds to his way, and the one with clean hands grows stronger.
10 ULB কিন্তু আহাঁ,তোমালোক সকলোৱে পুনৰায় আৰাম্ভ কৰা; আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাম। BSB BSB: But come back and try again, all of you. For I will not find a wise man among you.
11 ULB মোৰ দিন কেইটা গ’ল, মোৰ অভিপ্ৰায় আপি মনৰ কামনাবোৰ অনৰ্থক হ’ল। BSB BSB: My days have passed; my plans are broken off—even the desires of my heart.
12 ULB সিহঁতে ৰাতিকে দিন কৰে, আন্ধাৰ পৰিলে পোহৰ ওচৰ চাপে বুলি কয়। BSB BSB: They have turned night into day, making light seem near in the face of darkness.
13 ULB যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ, BSB BSB: If I look for Sheol as my home, if I spread out my bed in darkness,
14 ULB যদি মই গাঁতক মোৰ পিতৃ, আৰু পোকক, তুমি মোৰ মাতৃ আৰু ভনী বুলি কৈছোঁ, BSB BSB: and say to corruption, ‘You are my father,’ and to the worm, ‘My mother,’ or ‘My sister,’
15 ULB তেনেহ’লে মোৰ আশা ক’ত? আৰু মোৰ আশাক নো কোনে দেখা পাব? BSB BSB: where then is my hope? Who can see any hope for me?
16 ULB ধূলিত জিৰণী পোৱামাত্ৰকেই, সেয়ে নামি চিয়োলৰ দুৱাৰ মুখ পামগৈ। BSB BSB: Will it go down to the gates of Sheol? Will we go down together into the dust?”
Select verses for actions: Enter goes to them and Escape comes back.