1 ULB তেতায়া তৈমনীয়া ইলীফজে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Eliphaz the Temanite replied:
2 ULB মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে? বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়। BSB BSB: “Can a man be of use to God? Can even a wise man benefit Him?
3 ULB তুমি ধাৰ্ম্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে? তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব? BSB BSB: Does it delight the Almighty that you are righteous? Does He profit if your ways are blameless?
4 ULB তেওঁলৈ তোমাৰ কি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে? তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব? BSB BSB: Is it for your reverence that He rebukes you and enters into judgment against you?
5 ULB তোমাৰ দুষ্টতা অধিক নহয় নে? তোমাৰ অপৰাধ অসীম। BSB BSB: Is not your wickedness great? Are not your iniquities endless?
6 ULB কিয়মো তুমি অকাৰণে নিজ ভাইৰ পৰা বদ্ধক ললা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ললা। BSB BSB: For you needlessly demanded security from your brothers and deprived the naked of their clothing.
7 ULB তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা, আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা। BSB BSB: You gave no water to the weary and withheld food from the famished,
8 ULB কিন্তু দেশখন পৰাক্ৰমী জনৰেই আছিল; আৰু মৰ্য্যদাৱান জনেই তাত বাস কৰিছিল। BSB BSB: while the land belonged to a mighty man, and a man of honor lived on it.
9 ULB তুমি বিধৱাবিলাকক শুদা হাতে বিদায় দিলা; আৰু পিতৃহীনবিলাকৰ বাহু ভঙা হল। BSB BSB: You sent widows away empty-handed, and the strength of the fatherless was crushed.
10 ULB এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে; আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে। BSB BSB: Therefore snares surround you, and sudden peril terrifies you;
11 ULB তুমি আন্ধাৰ দেখা নাই নে? তোমাক তল নিওঁতা ঢল-পানী জানো দেখা নোপোৱা? BSB BSB: it is so dark you cannot see, and a flood of water covers you.
12 ULB ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাই নে? সকলোত্কৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে? BSB BSB: Is not God as high as the heavens? Look at the highest stars, how lofty they are!
13 ULB তুমি কৈছা, “ঈশ্বৰে কি জনে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে? BSB BSB: Yet you say: ‘What does God know? Does He judge through thick darkness?
14 ULB ঘন মেঘে আঁৰ কৰি ধৰাত, তেওঁ দেখিবলৈ নাপায়, কেৱল আকাশ-মণ্ডল ফুৰি থাকে।“ BSB BSB: Thick clouds veil Him so He does not see us as He traverses the vault of heaven.’
15 ULB দুৰ্জনবোৰ যোৱা পুৰণি পথকে, তুমি ধৰি থাকিবা নে? BSB BSB: Will you stay on the ancient path that wicked men have trod?
16 ULB সিহঁতক অকালতে ধৰি নিয়া হৈছিল; আৰু সিহঁতৰ ভিত্তিমূল বাণ-পানীয়ে উটাই নিছিল। BSB BSB: They were snatched away before their time, and their foundations were swept away by a flood.
17 ULB সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থ কি কব পাৰে?” BSB BSB: They said to God, ‘Depart from us. What can the Almighty do to us?’
18 ULB তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰিছিল; কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰ। BSB BSB: But it was He who filled their houses with good things; so I stay far from the counsel of the wicked.
19 ULB তাকে দেখি ধাৰ্ম্মিকবিলাকে আনন্দ কৰে; আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই কয়, BSB BSB: The righteous see it and are glad; the innocent mock them:
20 ULB “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল; আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নয়া গ্ৰস কৰিলে।“ BSB BSB: ‘Surely our foes are destroyed, and fire has consumed their excess.’
21 ULB এতিয়া তুমি তেৱেঁ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা; তাকে কৰিলে তোমাৰ মঙ্গল হব। BSB BSB: Reconcile now and be at peace with Him; thereby good will come to you.
22 ULB তেওঁৰ মুখৰ পৰা ব্যৱস্তা গ্ৰহণ কৰা, আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা। BSB BSB: Receive instruction from His mouth, and lay up His words in your heart.
23 ULB যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম্ম দূৰ কৰা, তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা। BSB BSB: If you return to the Almighty, you will be restored. If you remove injustice from your tents
24 ULB তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা; BSB BSB: and consign your gold to the dust and the gold of Ophir to the stones of the ravines,
25 ULB তাতে সৰ্ব্বশক্তমান জনা তোমাৰ বহুমূল্য ধন হব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব। BSB BSB: then the Almighty will be your gold and the finest silver for you.
26 ULB কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা, আৰু ঈশ্বৰলৈ মুখ তুলিবা। BSB BSB: Surely then you will delight in the Almighty and lift up your face to God.
27 ULB তুমি তেওঁৰ আগত প্ৰাথনা কৰিলে তেওঁ শুনিব; তাতে তুমি তোমাৰ সঙ্কল্প সিদ্ধ কৰিব। BSB BSB: You will pray to Him, and He will hear you, and you will fulfill your vows.
28 ULB তুমি কোনো বিষয় মনত স্থিৰ কৰিলে, সেয়ে তোমালৈ সিদ্ধ হব; আৰু তোমাৰ পথত পোহৰ পৰিব। BSB BSB: Your decisions will be carried out, and light will shine on your ways.
29 ULB বিপদৰ কালত তুমি কবা, উন্নতি হব; আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব। BSB BSB: When men are brought low and you say, ‘Lift them up!’ then He will save the lowly.
30 ULB তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব; এনে কি, সি তোমাৰ হাতৰ পবিত্ৰতাৰ দ্ধৰায়েই উদ্ধাৰ পাব। BSB BSB: He will deliver even one who is not innocent, rescuing him through the cleanness of your hands.”
Select verses for actions: Enter goes to them and Escape comes back.