1 ULB নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায়; সেই সোণৰ ঠাইও আছে। BSB BSB: “Surely there is a mine for silver and a place where gold is refined.
2 ULB লোহা মাটিৰ পৰা উলিওৱা হয়, আৰু শিল গলাই তাম উলিয়ায়। BSB BSB: Iron is taken from the earth, and copper is smelted from ore.
3 ULB মানুহা অন্ধকাৰৰ শেষ কৰে, নিচেই তলিলৈকে খানি, আন্ধাৰ আৰু মৃত্যুচ্ছায়াৰ শিল বিচাৰি উলিয়ায়। BSB BSB: Man puts an end to the darkness; he probes the farthest recesses for ore in deepest darkness.
4 ULB সিহঁতে আকৰ দলৈ খানি খানি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়, আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়; সিহঁতে মানুহৰ পৰা দুৰৈত ওলমি জুলি থাকে। BSB BSB: Far from human habitation he cuts a shaft in places forgotten by the foot of man. Far from men he dangles and sways.
5 ULB যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়, তাৰ তল ভাগ জুইৰ দ্ধাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা। BSB BSB: Food may come from the earth, but from below it is transformed as by fire.
6 ULB তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই, আৰু গুড়ি সোণ তাত আছি। BSB BSB: Its rocks are the source of sapphires, containing flecks of gold.
7 ULB সেই পথ হিংসক পক্ষীয়ে নাজানে, আৰু শেনৰ চকুৱেও তাক নেদেখে। BSB BSB: No bird of prey knows that path; no falcon’s eye has seen it.
8 ULB গৰ্ব্বী হিংসক জন্তুবোৰে তাত খোজ দিয়া নাই, আৰু সিংহও সেই ফালেদি যোৱৈ নাই। BSB BSB: Proud beasts have never trodden it; no lion has ever prowled over it.
9 ULB মানুহে অতি টান শিলত হাত দিয়ে; সি পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়। BSB BSB: The miner strikes the flint; he overturns mountains at their base.
10 ULB সি শিলৰ মাজে মাজে নলা কাটে, আৰু তাৰ চকুৱা সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়। BSB BSB: He hews out channels in the rocks, and his eyes spot every treasure.
11 ULB সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে, আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়। BSB BSB: He stops up the sources of the streams to bring what is hidden to light.
12 ULB কিন্তু জ্ঞান ক’ত পোৱা যায়? আৰু সুবিবেচনাৰ ঠাই বা ক’ত? BSB BSB: But where can wisdom be found, and where does understanding dwell?
13 ULB মনুষ্যই তাৰ মূল্য নাজানে, আৰু জীৱিতবিলাকৰ দেশত তাক পোৱা নাযায়। BSB BSB: No man can know its value, nor is it found in the land of the living.
14 ULB অগাধ জলে কয়, এইটি মোত নাই, আৰু সাগৰে কয়, মোৰ ইয়াতো নাই। BSB BSB: The ocean depths say, ‘It is not in me,’ while the sea declares, ‘It is not with me.’
15 ULB শুদ্ধ সোণ দিও তাক পোৱা নাযায়, আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব লোৱাৰি। BSB BSB: It cannot be bought with gold, nor can its price be weighed out in silver.
16 ULB ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য, আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়। BSB BSB: It cannot be valued in the gold of Ophir, in precious onyx or sapphire.
17 ULB সোণ আৰু আৰ্চি তাৰ তুল্য হব নোৱাৰে, আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি। BSB BSB: Neither gold nor crystal can compare to it, nor jewels of fine gold be exchanged for it.
18 ULB তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি, এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক। BSB BSB: Coral and quartz are unworthy of mention; the price of wisdom is beyond rubies.
19 ULB কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়, আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়। BSB BSB: Topaz from Cush cannot compare to it, nor can it be valued in pure gold.
20 ULB তেন্তে জ্ঞান ক’ৰ পৰা আহে? আৰু সুবিবেচনাৰ ঠাই বা ক’ত? BSB BSB: From where, then, does wisdom come, and where does understanding dwell?
21 ULB এইটি সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত, আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য। BSB BSB: It is hidden from the eyes of every living thing and concealed from the birds of the air.
22 ULB বিনাশ আৰু মৃত্যুৱে কয়, আমি নিজ কাণে সেই বিষয়ে ঘুনুক্ঘানাককৈহে শুনিছোঁ। BSB BSB: Abaddon and Death say, ‘We have heard a rumor about it.’
23 ULB তাৰ পথ ঈশ্বৰেহে জানে, আৰু তাৰ ঠাই তেওঁৰহে জনা আছে। BSB BSB: But God understands its way, and He knows its place.
24 ULB কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়। BSB BSB: For He looks to the ends of the earth and sees everything under the heavens.
25 ULB তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে, যেতিয়া পৰিমান অনুসাৰে জলসমুহ জুখি জুখি দিলে, BSB BSB: When God fixed the weight of the wind and measured out the waters,
26 ULB যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, আৰু মিঘ-গৰ্জ্জনেৰি সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে, BSB BSB: when He set a limit for the rain and a path for the thunderbolt,
27 ULB তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে, তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে; BSB BSB: then He looked at wisdom and appraised it; He established it and searched it out.
28 ULB আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম্ম ত্যাগ কৰাই সুবিবেচনা। BSB BSB: And He said to man, ‘Behold, the fear of the Lord, that is wisdom, and to turn away from evil is understanding.’”
Select verses for actions: Enter goes to them and Escape comes back.