1 ULB পাছে যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে, BSB BSB: And the LORD said to Job:
2 ULB দোষ ধৰোঁতাই জানো সৰ্ব্ব–শক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক। BSB BSB: “Will the faultfinder contend with the Almighty? Let him who argues with God give an answer.”
3 ULB তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে, BSB BSB: Then Job answered the LORD:
4 ULB চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ। BSB BSB: “Behold, I am insignificant. How can I reply to You? I place my hand over my mouth.
5 ULB মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ। BSB BSB: I have spoken once, but I have no answer—twice, but I have nothing to add.”
6 ULB তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে, BSB BSB: Then the LORD answered Job out of the whirlwind and said:
7 ULB তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা। BSB BSB: “Now brace yourself like a man; I will question you, and you shall inform Me.
8 ULB তুমি সঁচাই ন্যায় নুই কৰিবা নে? বা নিজকে ধাৰ্ম্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে? BSB BSB: Would you really annul My justice? Would you condemn Me to justify yourself?
9 ULB তোমাৰ জানো ঈশ্বৰৰ তুল্য বাহু আছে? তুমি জানো তেওঁৰ দৰে শব্দেৰে মেঘ-গৰ্জ্জন কৰিব পাৰা? BSB BSB: Do you have an arm like God’s? Can you thunder with a voice like His?
10 ULB তেন্তে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, আৰু প্ৰভাব ও গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা; BSB BSB: Then adorn yourself with majesty and splendor, and clothe yourself with honor and glory.
11 ULB তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, আৰু প্ৰত্যেক অহঙ্কাৰীলৈ চাই তাক নত কৰা; BSB BSB: Unleash the fury of your wrath; look on every proud man and bring him low.
12 ULB প্ৰত্যেক অহঙ্কাৰীলৈ চাই তাক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা; BSB BSB: Look on every proud man and humble him; trample the wicked where they stand.
13 ULB সিহঁতক একেবাৰে ধুলিত ঢাকি থোৱা, গুপুত ঠাইতখনত সিহঁতৰ মুখ বান্ধি ৰাখা। BSB BSB: Bury them together in the dust; imprison them in the grave.
14 ULB তেতিয়া, তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব পাৰে বুলি, মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম। BSB BSB: Then I will confess to you that your own right hand can save you.
15 ULB ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়। BSB BSB: Look at Behemoth, which I made along with you. He feeds on grass like an ox.
16 ULB চোৱা, তাৰ বল তাৰ কঁকালত আছে, আৰু তাৰ শক্তি তাৰ পেটৰ সিৰত আছে। BSB BSB: See the strength of his loins and the power in the muscles of his belly.
17 ULB সি নিজৰ নেজ এৰচ গছৰ ঠালৰ দৰে লৰায়; আৰু তপিনাৰ সিৰবোৰ জালৰ দৰে গঁথা। BSB BSB: His tail sways like a cedar; the sinews of his thighs are tightly knit.
18 ULB তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, আৰু তাৰ অস্থিবোৰ লোহাৰ ডাঙৰ সদৃশ। BSB BSB: His bones are tubes of bronze; his limbs are rods of iron.
19 ULB ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যি তৰোৱাল আছে, সেই তৰোৱাল তাৰ সৃষ্টিকৰ্ত্তাই তাক দিলে। BSB BSB: He is the foremost of God’s works; only his Maker can draw the sword against him.
20 ULB য’ত আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে, অৱশ্যে এনে পৰ্ব্বতবোৰে তাৰ নিমিত্তে আহাৰ উৎপন্ন কৰে। BSB BSB: The hills yield him their produce, while all the beasts of the field play nearby.
21 ULB সি নলনি আৰু পিটনিৰ আঁৰত, পদুমনিৰ তলত শোৱে, BSB BSB: He lies under the lotus plants, hidden among the reeds of the marsh.
22 ULB পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে। BSB BSB: The lotus plants conceal him in their shade; the willows of the brook surround him.
23 ULB চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে। BSB BSB: Though the river rages, Behemoth is unafraid; he remains secure, though the Jordan surges to his mouth.
24 ULB সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দেৰে লগাই তাৰ নাক জানো বিন্ধিব পাৰে? BSB BSB: Can anyone capture him as he looks on, or pierce his nose with a snare?
Select verses for actions: Enter goes to them and Escape comes back.