1 ULB তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, BSB BSB: Then the LORD said to Joshua,
2 ULB “তুমি ইস্ৰায়েলৰ লোকসকলক কোৱা, বোলে, ‘মই তোমালোকক মোচিৰ দ্ৱাৰাই যি কথা কৈছিলো, সেই বিষয়ে আশ্ৰয় লোৱা নগৰবোৰ নিৰূপণ কৰা৷ BSB BSB: “Tell the Israelites to designate the cities of refuge, as I instructed you through Moses,
3 ULB তোমালোকে ইয়াকে কৰা, যাতে কোনো এজন লোকে যদি অনিচ্ছাকৃত ভাৱে আন এজনক হত্যা কৰে, তেতিয়া তেওঁ সেই ঠাইলৈ গৈ ৰক্ষা পাব পাৰে৷ কোনো এজন লোকে যদি আন কোনো এজন হত্যা কৰা লোকৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ব বিচাৰে, তেতিয়া এই নগৰবোৰেই তেওঁলোকৰ বাবে আশ্ৰয় লোৱা ঠাই হ’ব। BSB BSB: so that anyone who kills another unintentionally or accidentally may flee there. These will be your refuge from the avenger of blood.
4 ULB সেই জন লোকে সেই নগৰবোৰৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ, নগৰৰ দুৱাৰ মুখত থিয় দি যেতিয়া তেওঁৰ সেই অভিযোগ সেই নগৰৰ বৃদ্ধ লোক সকলৰ আগত বুজাই ক’ব; তেতিয়া তেখেতসকলে তেওঁক নগৰলৈ লৈ গৈ তেওঁক তেখেতসকলৰ মাজত বাস কৰিবলৈ কোনো এটা ঠাই দিব৷ BSB BSB: When someone flees to one of these cities, stands at the entrance of the city gate, and states his case before its elders, they are to bring him into the city and give him a place to live among them.
5 ULB আৰু যদি কোনো এজন লোকে হত্যা হোৱা জনৰ ৰক্তপাতৰ প্ৰতিশোধ লোৱাৰ প্ৰয়াসেৰে আহে, তেতিয়া সেই নৰবধীক নগৰবোৰৰ লোকসকলে কৰ্তৃপক্ষৰ হাতত সোধাই নিদিব৷ তেওঁলোকে এইদৰে কৰা উচিত ন’হব, কিয়নো তেওঁ অনিচ্ছাকৃত ভাৱেহে নিজৰ চুবুৰীয়াক বধ কৰিলে, আগেয়ে তেওঁলৈ কোনো হিংসা ভাৱ নাছিল। BSB BSB: Now if the avenger of blood pursues him, they must not surrender the manslayer into his hand, because that man killed his neighbor accidentally without prior malice.
6 ULB সেই কালৰ মহা-পুৰোহিতৰ মৃত্যু নোহোৱা পৰ্য্যন্ত আৰু সেই নৰবধীয়ে বিচাৰৰ বাবে সমাজৰ সাক্ষাতে থিয় নোহোৱালৈকে, তেওঁ সেই নগৰতে বাস কৰিব লাগিব৷ তেতিয়া তেওঁ যি নগৰৰ পৰা পলাই আহিছিল, নিজৰ সেই নগৰ আৰু নিজৰ ঘৰলৈ উলটি যাব পাৰিব’।” BSB BSB: He is to stay in that city until he stands trial before the assembly and until the death of the high priest serving at that time. Then the manslayer may return to his own home in the city from which he fled.”
7 ULB গতিকে ইস্রায়েলীয়া সকলে গালীলৰ পৰ্বতীয়া অঞ্চলত থকা নপ্তালীৰ কেদচ, ইফ্ৰয়িম পৰ্ব্বতত থকা চিখিম আৰু যিহূদা পৰ্ব্বতত থকা কিৰিয়ৎ-অৰ্ব্ব অৰ্থাৎ হিব্ৰোণ নিৰ্বাচন কৰি ল’লে। BSB BSB: So they set apart Kedesh in Galilee in the hill country of Naphtali, Shechem in the hill country of Ephraim, and Kiriath-arba (that is, Hebron) in the hill country of Judah.
8 ULB আৰু যৰ্দ্দনৰ সিপাৰে যিৰীহোৰ পুৱফালে ৰূবেণ জনগোষ্ঠীৰ ভিতৰত থকা সমথলৰ মৰুপ্ৰান্তত বেচৰ, গাদ জনগোষ্ঠীৰ ভিতৰত থকা গিলিয়দত ৰামোৎ আৰু মনচি জনগোষ্ঠীৰ ভিতৰৰ বাচানত থকা গোলন নামেৰে ঠাই সমূহ নিৰূপণ কৰিলে। BSB BSB: And beyond the Jordan, east of Jericho, they designated Bezer on the wilderness plateau from the tribe of Reuben, Ramoth in Gilead from the tribe of Gad, and Golan in Bashan from the tribe of Manasseh.
9 ULB কোনোৱে অনিচ্ছাকৃত ভাৱে নৰবধ কৰিলে, সমাজৰ সাক্ষাতে তেওঁ থিয় নহয় মানে, সেই ঠাইলৈ পলাই গৈ যেন ৰক্তপাতৰ প্ৰতিশোধ লোৱাজনৰ হাতত মৰা নপৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তানসকলৰ বাবে আৰু তেওঁলোকৰ মাজত বসতি কৰা বিদেশী লোকৰ বাবেও, নিৰূপণ কৰা নগৰ এইবোৰ। BSB BSB: These are the cities appointed for all the Israelites and foreigners among them, so that anyone who kills a person unintentionally may flee there and not die by the hand of the avenger of blood prior to standing trial before the assembly.
Select verses for actions: Enter goes to them and Escape comes back.