Psalm 1 1 Psalms Book 1 Assamese Unlocked Literal Bible Israel's book of prayer and praise: 150 songs for every season of life, from lament to joy.
Introduction to Psalms1 ULB ধন্য সেই লোক, যি জনে দুষ্টসকলৰ পৰামর্শমতে নচলে, পাপীসকলৰ পথত থিয় নহয়, নিন্দকসকলৰ সমাবেশত নবহে; BSB BSB: Blessed is the man who does not walk in the counsel of the wicked, or set foot on the path of sinners, or sit in the seat of mockers.
2 ULB কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে। BSB BSB: But his delight is in the Law of the LORD, and on His law he meditates day and night.
3 ULB সেই মানুহ বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ দৰে, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; তেওঁ সকলো কৰ্মতে সফলতা লাভ কৰে। BSB BSB: He is like a tree planted by streams of water, yielding its fruit in season, whose leaf does not wither, and who prospers in all he does.
4 ULB দুষ্টসকল তেনেকুৱা নহয়; তেওঁলোক বতাহে উৰুৱাই নিয়া তুঁহৰ দৰে। BSB BSB: Not so the wicked! For they are like chaff driven off by the wind.
5 ULB এই কাৰণে দুষ্টসকল ন্যায়-বিচাৰত থিয় হ’ব নোৱাৰিব, আৰু পাপীলোকে ধাৰ্ম্মিকসকলৰ সভাত থাকিব নোৱাৰিব। BSB BSB: Therefore the wicked will not stand in the judgment, nor sinners in the assembly of the righteous.
6 ULB কাৰণ যিহোৱাই ধাৰ্ম্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টসকলৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ। BSB BSB: For the LORD guards the path of the righteous, but the way of the wicked will perish.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 1
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 1, and keep Opened free for readers who can’t pay.