1 ULB কিয় অস্থিৰ হৈ জাতিসমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোকসমূহে অনর্থক ষড়যন্ত্র কৰিছে? BSB BSB: Why do the nations rage and the peoples plot in vain?
2 ULB যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; BSB BSB: The kings of the earth take their stand and the rulers gather together, against the LORD and against His Anointed One:
3 ULB তেওঁলোকে কৈছে, “আঁহা আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” BSB BSB: “Let us break Their chains and cast away Their cords.”
4 ULB যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে। BSB BSB: The One enthroned in heaven laughs; the Lord taunts them.
5 ULB তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব। BSB BSB: Then He rebukes them in His anger, and terrifies them in His fury:
6 ULB যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।” BSB BSB: “I have installed My King on Zion, upon My holy mountain.”
7 ULB ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ। BSB BSB: I will proclaim the decree spoken to Me by the LORD: “You are My Son; today I have become Your Father.
8 ULB তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব। BSB BSB: Ask Me, and I will make the nations Your inheritance, the ends of the earth Your possession.
9 ULB লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।” BSB BSB: You will break them with an iron scepter; You will shatter them like pottery.”
10 ULB গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা। BSB BSB: Therefore be wise, O kings; be admonished, O judges of the earth.
11 ULB ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; কম্পনেৰে সৈতে উল্লাস কৰা। BSB BSB: Serve the LORD with fear, and rejoice with trembling.
12 ULB তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়। BSB BSB: Kiss the Son, lest He be angry and you perish in your rebellion, when His wrath ignites in an instant. Blessed are all who take refuge in Him.
Select verses for actions: Enter goes to them and Escape comes back.