1 ULB হে যিহোৱা, তুমি কিয় দূৰৈত থিয় হৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা? BSB BSB: Why, O LORD, do You stand far off? Why do You hide in times of trouble?
2 ULB অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক; BSB BSB: In pride the wicked pursue the needy; let them be caught in the schemes they devise.
3 ULB দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে। BSB BSB: For the wicked man boasts in the cravings of his heart; he blesses the greedy and reviles the LORD.
4 ULB দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে “ঈশ্বৰ বুলি কোনো নাই।” BSB BSB: In his pride the wicked man does not seek Him; in all his schemes there is no God.
5 ULB সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায়বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে। BSB BSB: He is secure in his ways at all times; Your lofty judgments are far from him; he sneers at all his foes.
6 ULB তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।” BSB BSB: He says to himself, “I will not be moved; from age to age I am free of distress.”
7 ULB তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ; তেওঁলোকৰ জিবাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে। BSB BSB: His mouth is full of cursing, deceit, and violence; trouble and malice are under his tongue.
8 ULB গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দোষীক হত্যা কৰে; কোনোবা অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে। BSB BSB: He lies in wait near the villages; in ambush he slays the innocent; his eyes watch in stealth for the helpless.
9 ULB তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰপাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়। BSB BSB: He lies in wait like a lion in a thicket; he lurks to seize the oppressed; he catches the lowly in his net.
10 ULB তেওঁলোকে চাপৰি কুঁজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে। BSB BSB: They are crushed and beaten down; the helpless fall prey to his strength.
11 ULB তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।” BSB BSB: He says to himself, “God has forgotten; He hides His face and never sees.”
12 ULB হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা। BSB BSB: Arise, O LORD! Lift up Your hand, O God! Do not forget the helpless.
13 ULB দুষ্ট লোকসকলে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে? তেওঁলোকে কিয় মনে মনে ভাৱে যে, “তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?” BSB BSB: Why has the wicked man renounced God? He says to himself, “You will never call me to account.”
14 ULB কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; অনাথক সহায় কৰোঁতা তুমিয়েইতো হয়। BSB BSB: But You have regarded trouble and grief; You see to repay it by Your hand. The victim entrusts himself to You; You are the helper of the fatherless.
15 ULB দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা। BSB BSB: Break the arm of the wicked and evildoer; call him to account for his wickedness until none is left to be found.
16 ULB যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব। BSB BSB: The LORD is King forever and ever; the nations perish from His land.
17 ULB হে যিহোৱা, নম্র লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা; BSB BSB: You have heard, O LORD, the desire of the humble; You will strengthen their hearts. You will incline Your ear,
18 ULB এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুণৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা। BSB BSB: to vindicate the fatherless and oppressed, that the men of the earth may strike terror no more.
Select verses for actions: Enter goes to them and Escape comes back.