1 ULB হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম। BSB BSB: For the choirmaster. To the tune of “The Death of the Son.” A Psalm of David. I will give thanks to the LORD with all my heart; I will recount all Your wonders.
2 ULB মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম! BSB BSB: I will be glad and rejoice in You; I will sing praise to Your name, O Most High.
3 ULB মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল। BSB BSB: When my enemies retreat, they stumble and perish before You.
4 ULB তোমাৰ সিংহাসনত বহি, তুমি ন্যায়বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা। BSB BSB: For You have upheld my just cause; You sit on Your throne judging righteously.
5 ULB তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা। BSB BSB: You have rebuked the nations; You have destroyed the wicked; You have erased their name forever and ever.
6 ULB শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা। BSB BSB: The enemy has come to eternal ruin, and You have uprooted their cities; the very memory of them has vanished.
7 ULB কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে। BSB BSB: But the LORD abides forever; He has established His throne for judgment.
8 ULB তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে। BSB BSB: He judges the world with justice; He governs the people with equity.
9 ULB উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়। BSB BSB: The LORD is a refuge for the oppressed, a stronghold in times of trouble.
10 ULB যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা। BSB BSB: Those who know Your name trust in You, for You, O LORD, have not forsaken those who seek You.
11 ULB যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা। BSB BSB: Sing praises to the LORD, who dwells in Zion; proclaim His deeds among the nations.
12 ULB কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে। BSB BSB: For the Avenger of bloodshed remembers; He does not ignore the cry of the afflicted.
13 ULB হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘৃণাওতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা। BSB BSB: Be merciful to me, O LORD; see how my enemies afflict me! Lift me up from the gates of death,
14 ULB মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম! BSB BSB: that I may declare all Your praises—that within the gates of Daughter Zion I may rejoice in Your salvation.
15 ULB আন জাতিবোৰ নিজে খন্দা গাঁতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল। BSB BSB: The nations have fallen into a pit of their making; their feet are caught in the net they have hidden.
16 ULB ন্যায়বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টসকলক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)। BSB BSB: The LORD is known by the justice He brings; the wicked are ensnared by the work of their hands. Higgaion Selah
17 ULB যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; BSB BSB: The wicked will return to Sheol—all the nations who forget God.
18 ULB অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব। BSB BSB: For the needy will not always be forgotten; nor the hope of the oppressed forever dashed.
19 ULB হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক। BSB BSB: Rise up, O LORD, do not let man prevail; let the nations be judged in Your presence.
20 ULB হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)। BSB BSB: Lay terror upon them, O LORD; let the nations know they are but men. Selah
Select verses for actions: Enter goes to them and Escape comes back.