1 ULB যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্য্যবোৰ জনোৱা। BSB BSB: Give thanks to the LORD, call upon His name; make known His deeds among the nations.
2 ULB তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্য্যবোৰৰ বিষয়ে কোৱা। BSB BSB: Sing to Him, sing praises to Him; tell of all His wonders.
3 ULB তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক। BSB BSB: Glory in His holy name; let the hearts of those who seek the LORD rejoice.
4 ULB তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচৰা। BSB BSB: Seek out the LORD and His strength; seek His face always.
5 ULB তেওঁ কৰা আচৰিত কাৰ্য্যবোৰ সোঁৱৰণ কৰা; তেওঁৰ অদ্ভূত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা। BSB BSB: Remember the wonders He has done, His marvels, and the judgments He has pronounced,
6 ULB তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁৰ মনোনীত যাকোবৰ সন্তান। BSB BSB: O offspring of His servant Abraham, O sons of Jacob, His chosen ones.
7 ULB তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা; তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান। BSB BSB: He is the LORD our God; His judgments carry throughout the earth.
8 ULB তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে। BSB BSB: He remembers His covenant forever, the word He ordained for a thousand generations—
9 ULB সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল। BSB BSB: the covenant He made with Abraham, and the oath He swore to Isaac.
10 ULB তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে। BSB BSB: He confirmed it to Jacob as a decree, to Israel as an everlasting covenant:
11 ULB তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম; সেয়াই হ’ব তোমাৰ আধিপত্য। BSB BSB: “I will give you the land of Canaan as the portion of your inheritance.”
12 ULB সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল; BSB BSB: When they were few in number, few indeed, and strangers in the land,
13 ULB তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, এক ৰাজ্যৰ পৰা আন লোকসমুহৰ মাজত ভ্ৰমি ফুৰিছিল, BSB BSB: they wandered from nation to nation, from one kingdom to another.
14 ULB তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল, BSB BSB: He let no man oppress them; He rebuked kings on their behalf:
15 ULB “তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; মোৰ ভাৱবাদীসকলৰো কোনো অপকাৰ নকৰিবা।” BSB BSB: “Do not touch My anointed ones! Do no harm to My prophets!”
16 ULB তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁলোকৰ খাদ্যৰ অভাৱ ঘটিল। BSB BSB: He called down famine on the land and cut off all their supplies of food.
17 ULB তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যোচেফক পঠালে; তেওঁক দাসৰূপে বেচা হ’ল। BSB BSB: He sent a man before them—Joseph, sold as a slave.
18 ULB লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে; লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল। BSB BSB: They bruised his feet with shackles and placed his neck in irons,
19 ULB যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল। BSB BSB: until his prediction came true and the word of the LORD proved him right.
20 ULB ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে, লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে। BSB BSB: The king sent and released him; the ruler of peoples set him free.
21 ULB তেওঁ তেওঁক নিজৰ ৰাজবাৰীৰ প্রভু কৰিলে, সকলো সম্পত্তিৰ কর্তা কৰিলে। BSB BSB: He made him master of his household, ruler over all his substance,
22 ULB যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে। BSB BSB: to instruct his princes as he pleased and teach his elders wisdom.
23 ULB তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে। BSB BSB: Then Israel entered Egypt; Jacob dwelt in the land of Ham.
24 ULB ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে। BSB BSB: And the LORD made His people very fruitful, more numerous than their foes,
25 ULB তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসসকলৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে। BSB BSB: whose hearts He turned to hate His people, to conspire against His servants.
26 ULB তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে; BSB BSB: He sent Moses His servant, and Aaron, whom He had chosen.
27 ULB তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভূত লক্ষণবোৰ দেখুৱালে; BSB BSB: They performed His miraculous signs among them, and wonders in the land of Ham.
28 ULB তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল; তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে। BSB BSB: He sent darkness, and it became dark—yet they defied His words.
29 ULB তেওঁলোকৰ জলসমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; তাতে তেওঁলোকৰ সকলো মাছ মৰিল। BSB BSB: He turned their waters to blood and caused their fish to die.
30 ULB তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল; এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল। BSB BSB: Their land teemed with frogs, even in their royal chambers.
31 ULB তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল। BSB BSB: He spoke, and insects swarmed—gnats throughout their country.
32 ULB তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; গোটেই দেশ বিজুলী আৰু ঢেৰেকনিৰ অগ্নি বৰষালে। BSB BSB: He gave them hail for rain, with lightning throughout their land.
33 ULB তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাট কৰিলে, আৰু দেশৰ গছবোৰ ভাঙি পেলালে। BSB BSB: He struck their vines and fig trees and shattered the trees of their country.
34 ULB তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল। BSB BSB: He spoke, and the locusts came—young locusts without number.
35 ULB সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে। BSB BSB: They devoured every plant in their land and consumed the produce of their soil.
36 ULB তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠপুত্র সংহাৰ কৰিলে। BSB BSB: Then He struck all the firstborn in their land, the firstfruits of all their vigor.
37 ULB পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ জনগোষ্ঠীসকলৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল। BSB BSB: He brought Israel out with silver and gold, and none among His tribes stumbled.
38 ULB তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল। BSB BSB: Egypt was glad when they departed, for the dread of Israel had fallen on them.
39 ULB তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে। BSB BSB: He spread a cloud as a covering and a fire to light up the night.
40 ULB তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বতা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে। BSB BSB: They asked, and He brought quail and satisfied them with the bread of heaven.
41 ULB তেওঁ শিল খুলি দিলে, তাতে জলসমূহ ওলাই আহিল; সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল। BSB BSB: He opened a rock, and water gushed out; it flowed like a river in the desert.
42 ULB তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে। BSB BSB: For He remembered His holy promise to Abraham His servant.
43 ULB এইদৰে তেওঁ নিজৰ লোকসমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে। BSB BSB: He brought forth His people with rejoicing, His chosen with shouts of joy.
44 ULB তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে; সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে, BSB BSB: He gave them the lands of the nations, that they might inherit the fruit of others’ labor,
45 ULB যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা! BSB BSB: that they might keep His statutes and obey His laws. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.