1 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। BSB BSB: Hallelujah! Give thanks to the LORD, for He is good; His loving devotion endures forever.
2 ULB কোনে যিহোৱাৰ মহৎ কাৰ্য্যবোৰ বৰ্ণনা কৰিব পাৰে? কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে? BSB BSB: Who can describe the mighty acts of the LORD or fully proclaim His praise?
3 ULB ধন্য সেইসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্ম্মাচৰণ কৰে। BSB BSB: Blessed are those who uphold justice, who practice righteousness at all times.
4 ULB হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰমভাৱ প্রকাশ কৰাৰ সময়ত মোকো সোৱঁৰণ কৰিবা; তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা। BSB BSB: Remember me, O LORD, in Your favor to Your people; visit me with Your salvation,
5 ULB তাতে মই যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ, তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰো। BSB BSB: that I may see the prosperity of Your chosen ones, and rejoice in the gladness of Your nation, and give glory with Your inheritance.
6 ULB আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলো; আমি অধর্ম কৰিলো, দুষ্টতাৰ কার্য কৰিলো। BSB BSB: We have sinned like our fathers; we have done wrong and acted wickedly.
7 ULB মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চুফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে। BSB BSB: Our fathers in Egypt did not grasp Your wonders or remember Your abundant kindness; but they rebelled by the sea, there at the Red Sea.
8 ULB তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে, যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে। BSB BSB: Yet He saved them for the sake of His name, to make His power known.
9 ULB তেওঁৰ ধমকিত চুফ সাগৰ শুকাই গ’ল; তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে। BSB BSB: He rebuked the Red Sea, and it dried up; He led them through the depths as through a desert.
10 ULB এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীসকলৰ হাতৰ পৰা ৰক্ষা কৰিলে, শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে। BSB BSB: He saved them from the hand that hated them; He redeemed them from the hand of the enemy.
11 ULB জলসমুহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে, এজনো বাচি নাথাকিল। BSB BSB: The waters covered their foes; not one of them remained.
12 ULB তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে; তেওঁৰ প্ৰশংসাৰ গান কৰিলে। BSB BSB: Then they believed His promises and sang His praise.
13 ULB কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে; তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে; BSB BSB: Yet they soon forgot His works and failed to wait for His counsel.
14 ULB কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে, মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে। BSB BSB: They craved intensely in the wilderness and tested God in the desert.
15 ULB তেওঁলোকে যিহকে বিচাৰিছিল, তেওঁ তাকে তেওঁলোকক দিলে; কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ। BSB BSB: So He granted their request, but sent a wasting disease upon them.
16 ULB তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি, আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে। BSB BSB: In the camp they envied Moses, as well as Aaron, the holy one of the LORD.
17 ULB পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে। BSB BSB: The earth opened up and swallowed Dathan; it covered the assembly of Abiram.
18 ULB তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল। অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে। BSB BSB: Then fire blazed through their company; flames consumed the wicked.
19 ULB তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে, আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে। BSB BSB: At Horeb they made a calf and worshiped a molten image.
20 ULB এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে। BSB BSB: They exchanged their Glory for the image of a grass-eating ox.
21 ULB তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল, যি জনাই মিচৰত অনেক মহৎ কাৰ্য্য কৰিছিল; BSB BSB: They forgot God their Savior, who did great things in Egypt,
22 ULB হাম দেশত কৰা নানা আচৰিত কাৰ্য্যবোৰৰ বিষয়ে আৰু চুফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল। BSB BSB: wondrous works in the land of Ham, and awesome deeds by the Red Sea.
23 ULB সেয়েহে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভাঙোনৰ মধ্যস্থ হ‘ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰবাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল। BSB BSB: So He said He would destroy them—had not Moses His chosen one stood before Him in the breach to divert His wrath from destroying them.
24 ULB তাৰপাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে, তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে; BSB BSB: They despised the pleasant land; they did not believe His promise.
25 ULB নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে, যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে। BSB BSB: They grumbled in their tents and did not listen to the voice of the LORD.
26 ULB তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম; BSB BSB: So He raised His hand and swore to cast them down in the wilderness,
27 ULB তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম। বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম। BSB BSB: to disperse their offspring among the nations and scatter them throughout the lands.
28 ULB পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; মৃত লোকসকলৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে। BSB BSB: They yoked themselves to Baal of Peor and ate sacrifices offered to lifeless gods.
29 ULB এই দৰে তেওঁলোকে নিজৰ অপকৰ্ম্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল। BSB BSB: So they provoked the LORD to anger with their deeds, and a plague broke out among them.
30 ULB তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে, তাতে মহামাৰী নিবৃত্ত হ’ল। BSB BSB: But Phinehas stood and intervened, and the plague was restrained.
31 ULB পীনহচৰ পক্ষে সেয়া ধার্মিকতা বুলি গণিত হ’ল; পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল। BSB BSB: It was credited to him as righteousness for endless generations to come.
32 ULB তেওঁলোকে মিৰীবাৰ জলৰ দাঁতিত যিহোৱাৰ খং তুলিছিল, আৰু তেওঁলোকৰ কাৰণেই মোচিলৈ; BSB BSB: At the waters of Meribah they angered the LORD, and trouble came to Moses because of them.
33 ULB তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, তাতে মোচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ’ল। BSB BSB: For they rebelled against His Spirit, and Moses spoke rashly with his lips.
34 ULB যিহোৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল, তেওঁলোকে তাক নকৰিলে। BSB BSB: They did not destroy the peoples as the LORD had commanded them,
35 ULB বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে, আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে। BSB BSB: but they mingled with the nations and adopted their customs.
36 ULB তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে, আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল। BSB BSB: They worshiped their idols, which became a snare to them.
37 ULB এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে। BSB BSB: They sacrificed their sons and their daughters to demons.
38 ULB তেওঁলোকে নিৰ্দ্দোষীসকলৰ ৰক্তপাত কৰিলে, তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে, কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সেই সন্তানসকলক বলি দিলে, গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল। BSB BSB: They shed innocent blood—the blood of their sons and daughters, whom they sacrificed to the idols of Canaan, and the land was polluted with blood.
39 ULB এইদৰেই তেওঁলোক নিজ নিজ কৰ্ম্মৰ দ্বাৰাই অশুচি হ’ল; কাৰ্য্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে। BSB BSB: They defiled themselves by their actions and prostituted themselves by their deeds.
40 ULB তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল। BSB BSB: So the anger of the LORD burned against His people, and He abhorred His own inheritance.
41 ULB তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শোধাই দিলে; তেওঁলোকক ঘিণ কৰাসকলেন তেওঁলোকক শাসন কৰিলে। BSB BSB: He delivered them into the hand of the nations, and those who hated them ruled over them.
42 ULB তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল। BSB BSB: Their enemies oppressed them and subdued them under their hand.
43 ULB তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে; কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল; নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল। BSB BSB: Many times He rescued them, but they were bent on rebellion and sank down in their iniquity.
44 ULB তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে। BSB BSB: Nevertheless He heard their cry; He took note of their distress.
45 ULB তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে; নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে। BSB BSB: And He remembered His covenant with them, and relented by the abundance of His loving devotion.
46 ULB যিসকলে তেওঁলোকক বন্দী কৰিছিল, তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে। BSB BSB: He made them objects of compassion to all who held them captive.
47 ULB হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা, জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা, যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰো, যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰো। BSB BSB: Save us, O LORD our God, and gather us from the nations, that we may give thanks to Your holy name, that we may glory in Your praise.
48 ULB অনাদি কালৰ পৰা অনন্ত কাললৈকে, ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা; সকলো লোকে “আমেন” বুলি কওক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: Blessed be the LORD, the God of Israel, from everlasting to everlasting. Let all the people say, “Amen!” Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.