1 ULB যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে! BSB BSB: Give thanks to the LORD, for He is good; His loving devotion endures forever.
2 ULB যিহোৱাৰ পৰা মুক্ত লোকসকলে এই কথা কওঁক, যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে, BSB BSB: Let the redeemed of the LORD say so, whom He has redeemed from the hand of the enemy
3 ULB যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে। BSB BSB: and gathered from the lands, from east and west, from north and south.
4 ULB তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল, তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে। BSB BSB: Some wandered in desert wastelands, finding no path to a city in which to dwell.
5 ULB তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল। BSB BSB: They were hungry and thirsty; their soul fainted within them.
6 ULB তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে। BSB BSB: Then they cried out to the LORD in their trouble, and He delivered them from their distress.
7 ULB তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে; যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে। BSB BSB: He led them on a straight path to reach a city where they could live.
8 ULB মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক। BSB BSB: Let them give thanks to the LORD for His loving devotion and His wonders to the sons of men.
9 ULB কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে। BSB BSB: For He satisfies the thirsty and fills the hungry with good things.
10 ULB কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল। BSB BSB: Some sat in darkness and in the shadow of death, prisoners in affliction and chains,
11 ULB কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামর্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে। BSB BSB: because they rebelled against the words of God and despised the counsel of the Most High.
12 ULB সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল। BSB BSB: He humbled their hearts with hard labor; they stumbled, and there was no one to help.
13 ULB তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে। BSB BSB: Then they cried out to the LORD in their trouble, and He saved them from their distress.
14 ULB তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে। BSB BSB: He brought them out of darkness and the shadow of death and broke away their chains.
15 ULB মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক। BSB BSB: Let them give thanks to the LORD for His loving devotion and His wonders to the sons of men.
16 ULB তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে। BSB BSB: For He has broken down the gates of bronze and cut through the bars of iron.
17 ULB যি সকল নির্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে। BSB BSB: Fools, in their rebellious ways, and through their iniquities, suffered affliction.
18 ULB তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল। BSB BSB: They loathed all food and drew near to the gates of death.
19 ULB সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। BSB BSB: Then they cried out to the LORD in their trouble, and He saved them from their distress.
20 ULB তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে। BSB BSB: He sent forth His word and healed them; He rescued them from the Pit.
21 ULB মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক। BSB BSB: Let them give thanks to the LORD for His loving devotion and His wonders to the sons of men.
22 ULB তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক। BSB BSB: Let them offer sacrifices of thanksgiving and declare His works with rejoicing.
23 ULB যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, আৰু মহা জলসমুহৰ ওপৰেদি ব্যৱসায় কৰে, BSB BSB: Others went out to sea in ships, conducting trade on the mighty waters.
24 ULB তেওঁলোকে যিহোৱাৰ কাৰ্য্যবোৰ দেখে, গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে। BSB BSB: They saw the works of the LORD, and His wonders in the deep.
25 ULB তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে; BSB BSB: For He spoke and raised a tempest that lifted the waves of the sea.
26 ULB ঢৌবোৰ আকাশ পর্যন্ত উঠে, পুণৰ জলাধিতললৈ নামি আহে; বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়। BSB BSB: They mounted up to the heavens, then sunk to the depths; their courage melted in their anguish.
27 ULB মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰি ফুৰে; তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়। BSB BSB: They reeled and staggered like drunkards, and all their skill was useless.
28 ULB সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। BSB BSB: Then they cried out to the LORD in their trouble, and He brought them out of their distress.
29 ULB তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে। BSB BSB: He calmed the storm to a whisper, and the waves of the sea were hushed.
30 ULB সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়। BSB BSB: They rejoiced in the silence, and He guided them to the harbor they desired.
31 ULB মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক। BSB BSB: Let them give thanks to the LORD for His loving devotion and His wonders to the sons of men.
32 ULB সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক, বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক। BSB BSB: Let them exalt Him in the assembly of the people and praise Him in the council of the elders.
33 ULB নদীবোৰক তেওঁ মৰুভূমিলৈ, জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে; BSB BSB: He turns rivers into deserts, springs of water into thirsty ground,
34 ULB তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে। BSB BSB: and fruitful land into fields of salt, because of the wickedness of its dwellers.
35 ULB তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে। BSB BSB: He turns a desert into pools of water and a dry land into flowing springs.
36 ULB ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়; তেওঁলোকে তাত নগৰ স্থাপন কৰে। BSB BSB: He causes the hungry to settle there, that they may establish a city in which to dwell.
37 ULB তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, আৰু প্রচুৰ ফল চপায়। BSB BSB: They sow fields and plant vineyards that yield a fruitful harvest.
38 ULB তেওঁ তেওঁলোকক আশীৰ্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে। BSB BSB: He blesses them, and they multiply greatly; He does not let their herds diminish.
39 ULB উপদ্ৰৱ, বিপদ আৰু শোকত পুণৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়। BSB BSB: When they are decreased and humbled by oppression, evil, and sorrow,
40 ULB তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়, পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়; BSB BSB: He pours out contempt on the nobles and makes them wander in a trackless wasteland.
41 ULB কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চপদত স্থাপন কৰে, আৰু ভেড়াৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়। BSB BSB: But He lifts the needy from affliction and increases their families like flocks.
42 ULB তাকে দেখি ধার্মিক লোকে আনন্দ কৰে, কিন্তু সকলো অধৰ্ম্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে। BSB BSB: The upright see and rejoice, and all iniquity shuts its mouth.
43 ULB যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক। BSB BSB: Let him who is wise pay heed to these things and consider the loving devotion of the LORD.
Select verses for actions: Enter goes to them and Escape comes back.