1 ULB হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম। BSB BSB: A song. A Psalm of David. My heart is steadfast, O God; I will sing and make music with all my being.
2 ULB হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম। BSB BSB: Awake, O harp and lyre! I will awaken the dawn.
3 ULB হে যিহোৱা, জাতিসকলৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম। BSB BSB: I will praise You, O LORD, among the nations; I will sing Your praises among the peoples.
4 ULB কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; তোমাৰ বিশ্বস্ততা মেঘ পর্যন্ত ব্যাপ্ত। BSB BSB: For Your loving devotion extends beyond the heavens, and Your faithfulness reaches to the clouds.
5 ULB হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক। BSB BSB: Be exalted, O God, above the heavens; may Your glory cover all the earth.
6 ULB তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, আৰু মোক উত্তৰ দিয়া। BSB BSB: Respond and save us with Your right hand, that Your beloved may be delivered.
7 ULB ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম। BSB BSB: God has spoken from His sanctuary: “I will triumph! I will parcel out Shechem and apportion the Valley of Succoth.
8 ULB গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড; BSB BSB: Gilead is Mine, and Manasseh is Mine; Ephraim is My helmet, Judah is My scepter.
9 ULB মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টীয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।” BSB BSB: Moab is My washbasin; upon Edom I toss My sandal; over Philistia I shout in triumph.”
10 ULB কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব? BSB BSB: Who will bring me to the fortified city? Who will lead me to Edom?
11 ULB হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুণৰ নোযোৱা। BSB BSB: Have You not rejected us, O God? Will You no longer march out, O God, with our armies?
12 ULB শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা। BSB BSB: Give us aid against the enemy, for the help of man is worthless.
13 ULB ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব। BSB BSB: With God we will perform with valor, and He will trample our enemies.
Select verses for actions: Enter goes to them and Escape comes back.