1 ULB হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা; BSB BSB: For the choirmaster. A Psalm of David. O God of my praise, be not silent.
2 ULB কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে; তেওঁলোকে মিছলীয়া জিবাৰে মোৰ বিৰুদ্ধে কথা কৈছে। BSB BSB: For wicked and deceitful mouths open against me; they speak against me with lying tongues.
3 ULB তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে; বিনা কাৰণতে মোক আক্রমণ কৰিছে। BSB BSB: They surround me with hateful words and attack me without cause.
4 ULB মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে; কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ। BSB BSB: In return for my love they accuse me, but I am a man of prayer.
5 ULB মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে; মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে। BSB BSB: They repay me evil for good, and hatred for my love.
6 ULB “তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা; বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক। BSB BSB: Set over him a wicked man; let an accuser stand at his right hand.
7 ULB বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওঁক; তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওঁক। BSB BSB: When he is tried, let him be found guilty, and may his prayer be regarded as sin.
8 ULB তেওঁলোকৰ আয়ুস চুটি হওঁক; অন্য লোকে তেওঁলোকৰ পদবী প্রাপ্ত কৰক। BSB BSB: May his days be few; may another take his position.
9 ULB তেওঁলোকৰ সন্তানসকল অনাথ হওঁক; তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক। BSB BSB: May his children be fatherless and his wife a widow.
10 ULB তেওঁলোকৰ সন্তানসকলে পথে পথে ভিক্ষা কৰি ফুৰক, উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক। BSB BSB: May his children wander as beggars, seeking sustenance far from their ruined homes.
11 ULB মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক; বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক। BSB BSB: May the creditor seize all he owns, and strangers plunder the fruits of his labor.
12 ULB তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক; তেওঁলোকৰ অনাথ সন্তানসকলৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক। BSB BSB: May there be no one to extend kindness to him, and no one to favor his fatherless children.
13 ULB তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক; দ্বিতীয় পুৰুষতে তেওঁলোকৰ নাম লুপ্ত হওক! BSB BSB: May his descendants be cut off; may their name be blotted out from the next generation.
14 ULB তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্ম্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক; তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক। BSB BSB: May the iniquity of his fathers be remembered before the LORD, and the sin of his mother never be blotted out.
15 ULB সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক, আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক। BSB BSB: May their sins always remain before the LORD, that He may cut off their memory from the earth.
16 ULB কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে, কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে। BSB BSB: For he never thought to show kindness, but pursued the poor and needy and brokenhearted, even to their death.
17 ULB তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক। তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক। BSB BSB: The cursing that he loved, may it fall on him; the blessing in which he refused to delight, may it be far from him.
18 ULB তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে; সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে, তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে। BSB BSB: The cursing that he wore like a coat, may it soak into his body like water, and into his bones like oil.
19 ULB সেই শাওৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক; কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক।” BSB BSB: May it be like a robe wrapped about him, like a belt tied forever around him.
20 ULB মোৰ বিৰোধীসকল, যিসকলে মোৰ বিৰুদ্ধে বেয়া কথা কয়, তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়। BSB BSB: May this be the LORD’s reward to my accusers, to those who speak evil against me.
21 ULB কিন্তু হে মোৰ প্রভু যিহোৱা, তোমাৰ নামৰ অর্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা; কিয়নো তোমাৰ মঙ্গলময় অসীম প্রেমেৰে মঙ্গলময়, এতেকে মোক উদ্ধাৰ কৰা। BSB BSB: But You, O GOD, the Lord, deal kindly with me for the sake of Your name; deliver me by the goodness of Your loving devotion.
22 ULB কিয়নো মই দুখী আৰু দৰিদ্ৰ; মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে। BSB BSB: For I am poor and needy; my heart is wounded within me.
23 ULB আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো; কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে। BSB BSB: I am fading away like a lengthening shadow; I am shaken off like a locust.
24 ULB লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে; মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে। BSB BSB: My knees are weak from fasting, and my body grows lean and gaunt.
25 ULB মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ; মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে। BSB BSB: I am an object of scorn to my accusers; when they see me, they shake their heads.
26 ULB হে মোৰ ঈশ্বৰ যিহোৱা! মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা; BSB BSB: Help me, O LORD my God; save me according to Your loving devotion.
27 ULB তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত; তুমিয়েই, হে যিহোৱা, এই সকলো কার্য কৰিলা। BSB BSB: Let them know that this is Your hand, that You, O LORD, have done it.
28 ULB তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা; তেওঁলোকে উঠিলে লজ্জিত হ’ব; কিন্তু তোমাৰ দাস আনন্দিত হ’ব। BSB BSB: Though they curse, You will bless. When they rise up, they will be put to shame, but Your servant will rejoice.
29 ULB মোৰ বিৰোধীসকলে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক। BSB BSB: May my accusers be clothed with disgrace; may they wear their shame like a robe.
30 ULB মই নিজ মুখেৰে অতিশয়ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম; লোকসমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম; BSB BSB: With my mouth I will thank the LORD profusely; I will praise Him in the presence of many.
31 ULB কিয়নো, তেওঁ অভাৱীজনৰ সোঁফালে থিয় হৈ থাকে, যেন মৃত্যুদণ্ডৰ ৰায় দিব খোজা বিচাৰকৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। BSB BSB: For He stands at the right hand of the needy one, to save him from the condemners of his soul.
Select verses for actions: Enter goes to them and Escape comes back.