2 ULB তুমি মোৰ উঠা আৰু বহাকো জানিছা, দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা। BSB BSB: You know when I sit and when I rise; You understand my thoughts from afar.
3 ULB তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা; মোৰ সকলো পথ তুমি ভালদৰে জানা। BSB BSB: You search out my path and my lying down; You are aware of all my ways.
4 ULB কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা। BSB BSB: Even before a word is on my tongue, You know all about it, O LORD.
5 ULB আগ-পাছ সকলোফালে তুমি মোক ঘেৰি ৰাখিছা আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা। BSB BSB: You hem me in behind and before; You have laid Your hand upon me.
6 ULB এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; সেয়ে উচ্চ, মোৰ বোধৰ অগম্য; BSB BSB: Such knowledge is too wonderful for me, too lofty for me to attain.
8 ULB যদি স্বৰ্গত গৈ উঠো, তাতো তুমি; যদি চিয়োলত মোৰ শয্যা পাৰো, চোৱা, তাতো তুমি থাকা। BSB BSB: If I ascend to the heavens, You are there; if I make my bed in Sheol, You are there.
9 ULB যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ, BSB BSB: If I rise on the wings of the dawn, if I settle by the farthest sea,
10 ULB তাতো তোমাৰ হাতে মোক চলাব,; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব। BSB BSB: even there Your hand will guide me; Your right hand will hold me fast.
11 ULB যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব; BSB BSB: If I say, “Surely the darkness will hide me, and the light become night around me”—
12 ULB বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে; বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়; তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান। BSB BSB: even the darkness is not dark to You, but the night shines like the day, for darkness is as light to You.
14 ULB মই তোমাৰ প্রশংসা কৰো; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্য্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো। BSB BSB: I praise You, for I am fearfully and wonderfully made. Marvelous are Your works, and I know this very well.
15 ULB যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলো, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল। BSB BSB: My frame was not hidden from You when I was made in secret, when I was woven together in the depths of the earth.
16 ULB তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, তোমাৰ পুস্তকত সকলো লিখা আছিল; মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল। BSB BSB: Your eyes saw my unformed body; all my days were written in Your book and ordained for me before one of them came to be.
17 ULB হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন! BSB BSB: How precious to me are Your thoughts, O God, how vast is their sum!
18 ULB যদি মই সেইবোৰ গণিব খুজো,, সংখ্যাত সেইবোৰ বালিতকৈয়ো অধিক হয়; মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাতে থাকো। BSB BSB: If I were to count them, they would outnumber the grains of sand; and when I awake, I am still with You.
19 ULB হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা, হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা। BSB BSB: O God, that You would slay the wicked—away from me, you bloodthirsty men—
20 ULB তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়, তোমাৰ শত্ৰুবোৰে তোমৰ বিৰুদ্ধে বৃথাই উঠে। BSB BSB: who speak of You deceitfully; Your enemies take Your name in vain.
21 ULB হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ? BSB BSB: Do I not hate those who hate You, O LORD, and detest those who rise against You?
22 ULB মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰো; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো। BSB BSB: I hate them with perfect hatred; I count them as my enemies.
23 ULB হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা; BSB BSB: Search me, O God, and know my heart; test me and know my concerns.
24 ULB মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা। BSB BSB: See if there is any offensive way in me; lead me in the way everlasting.
Select verses for actions: Enter goes to them and Escape comes back.