2 ULB হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো! BSB BSB: I cry out by day, O my God, but You do not answer, and by night, but I have no rest.
3 ULB কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰূপ সিংহাসনত তুমি বহি আছা। BSB BSB: Yet You are holy, enthroned on the praises of Israel.
4 ULB তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা। BSB BSB: In You our fathers trusted; they trusted and You delivered them.
5 ULB তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল। BSB BSB: They cried out to You and were set free; they trusted in You and were not disappointed.
6 ULB কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোকসমূহে মোক তুচ্ছ জ্ঞান কৰে। BSB BSB: But I am a worm and not a man, scorned by men and despised by the people.
7 ULB যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে; তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়, BSB BSB: All who see me mock me; they sneer and shake their heads:
8 ULB “তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক; যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক, কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!” BSB BSB: “He trusts in the LORD, let the LORD deliver him; let the LORD rescue him, since He delights in him.”
9 ULB কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা। BSB BSB: Yet You brought me forth from the womb; You made me secure at my mother’s breast.
10 ULB জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল; মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ হ’লা। BSB BSB: From birth I was cast upon You; from my mother’s womb You have been my God.
11 ULB তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; মোৰ সহায়কাৰী কোনো নাই। BSB BSB: Be not far from me, for trouble is near and there is no one to help.
12 ULB মোৰ চাৰিওফালে যেন অনেক ষাঁড়ে বেৰি ধৰিছে; বাচানৰ শক্তিশালী ষাঁড়বোৰে যেন মোক আগুৰি ৰাখিছে। BSB BSB: Many bulls surround me; strong bulls of Bashan encircle me.
13 ULB ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে, তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে। BSB BSB: They open their jaws against me like lions that roar and maul.
14 ULB মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে; BSB BSB: I am poured out like water, and all my bones are disjointed. My heart is like wax; it melts away within me.
15 ULB মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিবা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা। BSB BSB: My strength is dried up like a potsherd, and my tongue sticks to the roof of my mouth. You lay me in the dust of death.
16 ULB কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোকসমূহে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে। BSB BSB: For dogs surround me; a band of evil men encircles me; they have pierced my hands and feet.
17 ULB মোৰ আটাইবোৰ হাড় মই লেখিব পাৰো; সেই লোকসকলে মোলৈ একেথৰে চাইছে; উল্লাসৰ দৃষ্টিৰে চাইছে। BSB BSB: I can count all my bones; they stare and gloat over me.
18 ULB নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে। BSB BSB: They divide my garments among them and cast lots for my clothing.
19 ULB কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা! হে মোৰ শক্তি, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ। BSB BSB: But You, O LORD, be not far off; O my Strength, come quickly to help me.
20 ULB তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা; সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা! BSB BSB: Deliver my soul from the sword, my precious life from the power of wild dogs.
21 ULB সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা। BSB BSB: Save me from the mouth of the lion; at the horns of the wild oxen You have answered me!
22 ULB ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম। BSB BSB: I will proclaim Your name to my brothers; I will praise You in the assembly.
23 ULB তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা! হে যাকোবৰ সমুদায় বংশধৰসকল, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; ইস্ৰায়েলৰ সমুদায় বংশধৰসকল, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা। BSB BSB: You who fear the LORD, praise Him! All descendants of Jacob, honor Him! All offspring of Israel, revere Him!
25 ULB মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম। BSB BSB: My praise for You resounds in the great assembly; I will fulfill my vows before those who fear You.
26 ULB দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তোমালোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক! BSB BSB: The poor will eat and be satisfied; those who seek the LORD will praise Him. May your hearts live forever!
27 ULB পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো জনগোষ্ঠীয়ে তেওঁক প্ৰণিপাত কৰিব। BSB BSB: All the ends of the earth will remember and turn to the LORD. All the families of the nations will bow down before Him.
28 ULB কিয়নো ৰাজ্য যিহোৱাৰেই, সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে। BSB BSB: For dominion belongs to the LORD and He rules over the nations.
29 ULB পৃথিবীৰ ধনী লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব; নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব। মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম। BSB BSB: All the rich of the earth will feast and worship; all who go down to the dust will kneel before Him—even those unable to preserve their lives.
30 ULB ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব; ভাবী বংশৰ লোকসকলৰ ওচৰত যিহোৱাৰ বিষয়ে কোৱা হ’ব। BSB BSB: Posterity will serve Him; they will declare the Lord to a new generation.
31 ULB যিসকলৰ এতিয়াও জন্ম হোৱা নাই, তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব; ক’ব যে তেৱেঁই এই কার্য কৰিলে। BSB BSB: They will come and proclaim His righteousness to a people yet unborn—all that He has done.
Select verses for actions: Enter goes to them and Escape comes back.