1 ULB হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া; কিয়নো মই দুখী আৰু দৰিদ্ৰ। BSB BSB: A prayer of David. Incline Your ear, O LORD, and answer me, for I am poor and needy.
2 ULB মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত; তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা। BSB BSB: Preserve my soul, for I am godly. You are my God; save Your servant who trusts in You.
3 ULB হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছো। BSB BSB: Be merciful to me, O Lord, for I call to You all day long.
4 ULB তোমাৰ দাসৰ মনত আনন্দ দান কৰা; কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছো। BSB BSB: Bring joy to Your servant, for to You, O Lord, I lift up my soul.
5 ULB হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ। BSB BSB: For You, O Lord, are kind and forgiving, rich in loving devotion to all who call on You.
6 ULB হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ মিনতিৰ ক্রন্দন তুমি শুনা। BSB BSB: Hear my prayer, O LORD, and attend to my plea for mercy.
7 ULB সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা। BSB BSB: In the day of my distress I call on You, because You answer me.
8 ULB হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই; তোমাৰ কাৰ্য্যৰ লগত কোনো কাৰ্য্যৰ তুলনা নহয়। BSB BSB: O Lord, there is none like You among the gods, nor any works like Yours.
9 ULB হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব। BSB BSB: All the nations You have made will come and bow before You, O Lord, and they will glorify Your name.
10 ULB কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম্ম কৰোঁতা। কেৱল তুমিয়েই ঈশ্বৰ। BSB BSB: For You are great and perform wonders; You alone are God.
11 ULB হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰো; তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া। BSB BSB: Teach me Your way, O LORD, that I may walk in Your truth. Give me an undivided heart, that I may fear Your name.
12 ULB হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্রশংসা কৰিম, চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম। BSB BSB: I will praise You, O Lord my God, with all my heart; I will glorify Your name forever.
13 ULB কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম; চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। BSB BSB: For great is Your loving devotion to me; You have delivered me from the depths of Sheol.
14 ULB হে ঈশ্বৰ, অহঙ্কাৰীসকল মোৰ বিৰুদ্ধে উঠিছে; অত্যাচাৰীসকলৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে; তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে। BSB BSB: The arrogant rise against me, O God; a band of ruthless men seeks my life; they have no regard for You.
15 ULB কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্বস্ততাত মহান। BSB BSB: But You, O Lord, are a compassionate and gracious God, slow to anger, abounding in loving devotion and faithfulness.
16 ULB তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা; তোমাৰ দাসক তোমাৰ শক্তি দান কৰা; তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা। BSB BSB: Turn to me and have mercy; grant Your strength to Your servant; save the son of Your maidservant.
17 ULB মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা, যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়; কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা। BSB BSB: Show me a sign of Your goodness, that my enemies may see and be ashamed; for You, O LORD, have helped me and comforted me.
Select verses for actions: Enter goes to them and Escape comes back.